শীৰ্ষ বাতৰি

ভয়ংকৰ গাড়ী দুৰ্ঘটনাৰ পিছত ঋষভ পণ্টৰ প্ৰতিক্ৰিয়া

Sentinel Digital Desk

নতুন দিল্লীঃ ২০২২ চনৰ ৩০ ডিচেম্বৰত নতুন দিল্লীৰ পৰা ৰুৰকীলৈ যাওঁতে ভয়ংকৰ বাহন দুৰ্ঘটনাৰ পিছত তাৰকা ভাৰতৰ উইকেটকীপাৰ ঋষভ পণ্টে প্ৰথমবাৰৰ বাবে টুইটাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভয়ংকৰ ট্ৰেজেডীৰ কিছু মিনিটৰ ভিতৰতে পণ্টৰ বাহনখন ডিভাইডাৰত খুন্দা মাৰি বহুবাৰ উলটি গৈছিল আৰু জুই লাগিছিল। লগে লগে তেওঁক ওচৰৰ চিকিৎসালয়ত চিকিৎসা কৰা হয়, তাৰ পিছত মেক্স হাস্পতাল ডেৰাডুনলৈ লৈ যোৱা হয় আৰু পিছত বিমানেৰে মুম্বাইলৈ লৈ যোৱা হয়, য'ত তেওঁ বৰ্তমান চিকিৎসা লাভ কৰি আছে।

''মই সকলো সহায় আৰু শুভেচ্ছাৰ বাবে কৃতজ্ঞ। মোৰ অস্ত্ৰোপচাৰ সফল হ'ল বুলি জনাবলৈ পাই আনন্দিত হৈছো। আৰোগ্যৰ পথ আৰম্ভ হৈছে আৰু আগন্তুক প্ৰত্যাহ্বানৰ বাবে মই সাজু।"