শীৰ্ষ বাতৰি

ক্ৰমে ৰাজ্যৰ বান পৰিস্থিতি উন্নতঃ ৫৮খন গাঁৱৰ ৪৮ হেজাৰ লোক ক্ষতিগ্ৰস্ত

এই জিলাকেইখন হ’ল গোৱালপাৰা, ধেমাজি, লখিমপুৰ, হোজাই আৰু কাচাৰ জিলা

Sentinel Digital Desk

ক্ৰমে ৰাজ্যৰ বান পৰিস্থিতি উন্নতঃ ৫৮খন গাঁৱৰ ৪৮ হেজাৰ লোক ক্ষতিগ্ৰস্ত

ক্ৰমে অসমৰ বান পৰিস্থিতি উন্নত হৈছে। বাৰিষাৰ আৰম্ভণীতে বছৰটোৰ এই প্ৰথম বানত ১০জন লোকৰ মৃত্যু হয় ৷ আনহাতে, বানৰ পানী শুকাবলৈ ধৰিলেও পাঁচখন জিলাৰ৫৮ খন গাঁৱৰ  ৪৮,৭৮৩জন লোক ক্ষতিগ্ৰস্ত হৈছে ৷ এই জিলাকেইখন হ'ল গোৱালপাৰা, ধেমাজি, লখিমপুৰ, হোজাই আৰু কাচাৰ জিলা ৷ ইপিনে, অস্থায়ী আশ্ৰয় শিবিৰত অংশ লোৱা অধিকাংশ লোকেই ঘৰমুৱা হৈছে ৷ অৱশ্যে ১, ৫৪২জন বান ক্ষতিগ্ৰস্ত বৰ্তমানেও অস্থায়ী আশ্ৰয় শিবিৰতে আছে ৷ একেদৰে বৰ্তমানেও ধেমাজি, গোৱালপাৰা আৰু হোজাই জিলাত ৫, ৭৯৫হেক্টৰ ভূমি বানৰ পানীৰ তলতে আছে ৷ এই বানত প্ৰাণীও ক্ষতিগ্ৰস্থ হয় ৷ ক্ষতিগ্ৰস্ত প্ৰাণীসমূহৰ ১, ৪০৫টা বৃহৎ, ৬৩৭টা সৰু আৰু ১, ৭৮২টা পক্ষীজাতীয় প্ৰাণী ৷ এই বানত আন্তঃগাঁথনিৰো বৃহৎ ক্ষতিসাধন ঘটে ৷ ডিব্ৰুগড়ত মথাউৰিৰ, কৰিমগঞ্জ জিলাত তিনিটা পথৰ আৰু বাগসা জিলাত এখন দলঙৰ ক্ষতিসাধন হয় ৷ তদুপৰি ডিব্ৰুগড়ৰ এক অঞ্চল খহনীয়াৰ কবলত পৰিছে। এই খহনীয়াত ৫১০জন লোক ক্ষতিগ্ৰস্ত হৈছে ।জিলাখনৰ চাবুৱাত ১৩৬জন লোকে খহনীয়াৰ কবলত পৰি আশ্ৰয় শিবিৰত ভৰ্তি হৈছে ৷ একেদৰে বিশ্বনাথৰো এক অংশ খহনীয়াৰ কবলত পৰিছে।