শীৰ্ষ বাতৰি

দুৰ্গাপূজাত গণেশগুৰিৰ উৰণীয়া সেঁতু মুকলিৰ সম্ভাৱনা

Sentinel Digital Desk

আগন্তক দুৰ্গাপূজাত গুৱাহাটীৰ গণেশগুৰিত নিৰ্মীয়মান উৰণীয়া সেঁতু মুকলিৰ সম্ভাৱনা আছে। আজি এনে এক ইংগিত দিয়ে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰজ্জু পথ(ৰ'প ৱে) মুকলি কৰি মন্ত্ৰী শৰ্মাই কয় যে এই উৰণীয়ে সেঁতৰ নিৰ্মাণ কাম প্ৰায় অন্ত পৰিছে। তদুপৰি গুৱাহাটীত লোৱা চৰকাৰী আঁচনিসমূহৰ কাম ইখনৰ পাছত সিখনকৈ অন্ত পৰিছে। " আমাৰ ধাৰণা মতে আগন্তক দুৰ্গাপূজাৰ ষষ্ঠী দিনা গণেশগুৰিৰ উৰণীয়া সেঁতু মুকলি কৰিবলৈ সক্ষম হম। যোৱা বছৰৰ অক্টোবৰত আমি এই সেঁতুৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলো," মন্ত্ৰীজনে এইদৰে কয়।

তেওঁ লগতে কয় যে গুৱাহাটীত নিৰ্মীয়মান অৱস্থাত থকা নখন পদ উৰণীয়া সেঁতু(ফুট অভাৰব্ৰীজ)-ৰ নিৰ্মাণৰ কামো শেষ হৈ আহিছে। একেদৰে চাংসাৰিত নিৰ্মাণ হৈ থকা এইমছৰ নিৰ্মাণ কাৰ্যও ২৫ শতাংশ সম্পূৰ্ণ হৈছে বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰী শৰ্মাই কয় যে এই এইমছৰ নিৰ্মাণ কাৰ্য অহা বছৰ অন্ত পৰিব।