ৰাজ্যত ক্ৰমে আগন্তুক বিধানসভা নিৰ্বাচনৰ বতাহ গৰম হ'বলৈ ধৰাৰ সময়তে হঠাতে অসুস্থ হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ প্ৰাপ্ত তথ্য অনুসৰি চিকিৎসাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তক গুৱাহাটীৰ ডাউন টাউন হাস্পতালত ভৰ্তি কৰা হৈছে ৷ সম্প্ৰতি তাতে তেওঁ চিকিৎসাধীন হৈ আছে ৷
সম্প্ৰতি এটা চিকিৎসকৰ দলে তেওঁক নিৰীক্ষণ কৰি আছে ৷ উল্লেখ্য যে অসম গণ পৰিষদ(অগপ)-ৰো প্ৰাক্তন সভাপতি মহন্ত দুবাৰৰ মুখ্যমন্ত্ৰী আছিল। প্ৰথমবাৰ তেওঁ ১৯৮৫ৰ পৰা ১৯৯০লৈ আৰু দ্বিতীয়বাৰ ১৯৯৬ৰ পৰা ২০০১লৈ মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰে ৷