শীৰ্ষ বাতৰি

পৰ্যাপ্ত ধনৰ অভাৱত বিপৰ্যয়ৰ সন্মুখীন উত্তৰ পূৰ্বাঞ্চলৰ ঐতিহাসিক স্থান সমূহ

Sentinel Digital Desk

উত্তৰ পূৰ্বাঞ্চল ৮০ টা কেন্দ্ৰীয় সুৰক্ষিত স্মৃতি আৰু স্থান সংৰক্ষণ আৰু পৰিবেশ বিকাশৰ ক্ষেত্ৰত ভাৰতীয় প্রত্নতাত্ত্বিক জৰীপয়ে পৰ্যবেক্ষন কৰি আছে। অসমৰ ৫৫ টা ঐতিহাসিক স্থান , ৮ মেঘালয় আৰু ত্ৰিপুৰাৰ ৮ টা স্থান , নাগালেণ্ডৰ ৪ টা স্থান , অৰুনাচল প্ৰদেশৰ ৩ টা স্থান আৰু মিজোৰাম , মনিপুৰৰ এটাকৈ স্থান এই পৰ্যবেক্ষনৰ অন্তৰ্গত । এই ঐতিহাসিক স্থান সমূহ পৰ্যটনৰ স্থান হিচাপে গঢ়ি তুলিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

অসমৰ শিৱসাগৰত আহোম স্বৰ্গদেউৰ দিনীয়া ভাস্কয্য আৰু চিত্ৰশিল্প সমূহ সংৰক্ষণ, বামুনী পাহাৰৰ মন্দিৰৰ ভগ্নাংশ, অসমৰ শোণিতপুৰ জিলাৰ শিংগ্ৰি পাহাৰ আৰু দা -পৰ্বত্য পাহাৰৰ লগতে ডিমাপুৰ, নাগালেণ্ডৰ বিভিন্ন মঠ , মন্দিৰ , দুৰ্গ আৰু বুদ্ধ ধৰ্মৰ কীৰ্তিচিহ্ন সমূহ , শিলত খোদিত ভাস্কয্য সমূহ আৰু ত্ৰিপুৰাৰ মন্দিৰ সমুহ এই পৰ্যবেক্ষনত অন্তৰ্গত কৰা হৈছে ।

গুৱাহাটীৰ বিভিন্ন স্থানতকে ধৰি অসমৰ ৫৫ টা স্থান আৰু মনিপুৰৰ ১ টা স্থান গুৱাহাটী চক্ৰয়ে পৰ্যবেক্ষক কৰিছে ।

গুৱাহাটীৰ চক্ৰৰ অধিনত এই ঐতিহাসিক স্থান সমূহৰ সংৰক্ষণ আৰু পৰিবেশ উন্নয়নৰ বাবে ২০১৬-১৭ চনত কেন্দ্ৰয়ে ২.৬২ কোটি অনুমোদন দিছিল । আনহাতে ২০১৭-১৮ চনত ৩.৭৭ কোটি টকা মুকলি কৰি দিছিল, ২০১৮-১৯ চনত ৩.১৫ কোটি মুকলি কৰি দিছিল । বৰ্তমানলৈকে ২০১৯-২০ চনত অনুমোদন দিয়া নাই বুলি সূত্ৰয়ে প্ৰকাশ কৰিছে।

বিভাগীয় কতৃপক্ষয়ে প্ৰকাশ কৰে যে, এই সকলো ঐতিহাসিক স্থানতে সাম্ভাব্য আছে । কিন্তু পৰ্যাপ্ত ধনৰ অভাৱত এই স্থান সমূহৰ বহুতো উন্নয়ন মুলক প্ৰকল্প কাম কৰিব পৰা নাই । বহুতো এনে ঐতিহাসিক স্থান সমূহলৈ যোগাযোগ ব্যৱস্থা সুচল নহয় ।

বিষয়া গৰাকীয়ে লগতে প্ৰকাশ কৰে যে, গুৱাহাটী চক্ৰৰ অধিনত ৫৬ টা স্থান ধৰা হৈছে । এই স্থান সমূহ পৰ্যটক স্থলীৰ সাম্ভাব্য থকা ।

উল্লেখযোগ্য যে, ২০১৬ চনৰ পৰা ২০১৯ চনলৈকে বিগত তিনিটা বছৰত , আহোম স্বৰ্গদেউৰ দিনত শিৱসাগৰত প্ৰতিস্থা কৰা কীৰ্তিচিহ্ন সমূহ দেশ তথা সমগ্ৰ বিশ্বতে পৰ্যটন স্থলী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ।

শিৱসাগৰ জিলাৰ মুখ্য চাৰিটা ঐতিহাসিক স্থানৰ পৰা চৰকাৰে বছৰটোৰ অক্টোবৰৰ পৰা মে মাহলৈকে ৰাজহ সংগ্ৰহ কৰিছিল এনেধৰণৰ- ২০১৬-২০১৯ চনত কাৰেং ঘৰ ভ্ৰমণ কৰা ৪,৭২,৬৬৯ পৰ্যটকৰ পৰা ৮৩,৯০,৪৫৫ টকা সংগ্ৰহ কৰে । আনহাতে ৰং ঘৰলৈ যোৱা ৩,৫৯,১৪৩ পৰ্যটকৰ পৰা ৬৬,৫৬,০৯৫ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । গৰগাঁওৰ আহোম স্বৰ্গদেউৰ ৰাজ কাৰেং লৈ যোৱা ২,০৬,২৬৯ পৰ্যটকৰ পৰা ৩৬, ০৪, ৮৫০ সংগ্ৰহ কৰে । চৰাইদেউ মৈদাম ভ্ৰমণ কৰা ১,২৬, ০২১ পৰ্যটকৰ পৰা ২১, ৭৫,০৯৫ সংগ্ৰহ কৰে আনহাতে বিষ্ণু দৌললৈ ৩৮,৭৯৪ পৰ্যটকৰ পৰা ৬,৭৯,৩৮৫ সংগ্ৰহ কৰে।