শীৰ্ষ বাতৰি

তিনি লাখ ৪০ হেজাৰ ডলাৰত বিক্ৰী গান্ধীৰ স্বৰ্ণখচিত চচমা

Sentinel Digital Desk

ব্ৰিটেইনত তিনি লাখ ৪০ হেজাৰ ডলাৰত বিক্ৰী হ'ল জাতিৰ পিতা গান্ধীয়ে পৰিধান কৰা এজোৰ চচমা। এই চচমাযোৰ সোণ খচিত। প্ৰাপ্ত তথ্য অনুসৰি অহিংসাৰ পূজাৰী গান্ধীৰ এই চচমাযোৰ ইষ্ট ব্ৰিষ্টল অকচনছে নিলাম কৰিছে। এই কথা সদৰী কৰি ইষ্ট ব্ৰিষ্টলে টুইটাৰত কয়, " আমি এই চচমাযোৰ মাথোঁ চাৰি সপ্তাহ পূৰ্বে আমাৰ লেটাৰ বক্সত পাওঁ। গান্ধীয়ে এই চচমাযোৰ নিজ হাতে এজন ব্যক্তিক দিছিল। সেই ব্যক্তিজনৰ ভতিজাকে চচমাযোৰ আমাৰ লেটাৰ বক্সত থৈ যায়"।

এই নিলাম প্ৰতিষ্ঠানে প্ৰকাশ কৰা অনুসৰি ১৯২০-১৯৩০ৰ সময়ছোৱাত গান্ধীয়ে এই চচমাযোৰ সেই ব্যক্তিজনক দিছিল।