শীৰ্ষ বাতৰি

১২ জনপ্ৰতিনিধিৰ যাৱজ্জীৱন কাৰাদণ্ডৰ আশংকাঃ উচ্চতম ন্যায়ালয়ক তথ্য দাখিল উচ্চ ন্যায়ালয়ৰ

Sentinel Digital Desk

ৰাজ্যৰ ১২জন বিধায়ক আৰু প্ৰাক্তন বিধায়কৰ যাৱজ্জীৱন কাৰাদণ্ড হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ এই জনপ্ৰতিনিধিসকলৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ ৰুজু হৈ আছে ৷ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিয়োজিত এমিকাছ কিউৰিৰ তথ্য অনুসৰি ৰাজ্যৰ মুঠ ৩৫বিধায়ক আৰু প্ৰাক্তন বিধায়কৰ বিৰুদ্ধে অপৰাধৰ গোচৰ ৰুজু হৈ আছে ৷ ইয়াৰে ১২জনৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ ৰুজু হৈ আছে ৷ জনপ্ৰতিনিধিৰ বিৰুদ্ধে হত্যাৰ লেখীয়া অপৰাধৰ ধাৰাতো গোচৰ ৰুজু হৈ আছে ৷

শেহতীয়াভাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সমস্ত তথ্য উচ্চতম ন্যায়ালয়ক দাখিল কৰিছে ৷ অহা ১৬ছেপ্টেম্বৰত ইয়াৰ শুনানী গ্ৰহণৰ দিন ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে ৷ উল্লেখ্য যে অলপতে উচ্চতম ন্যায়ালয়ে দেশৰ সকলো উচ্চ ন্যায়ালয়ক নিজ নিজ অপৰাধৰ গোচৰ ৰুজু হৈ থকা জনপ্ৰতিনিধিসকলৰ তথ্য দাখিল কৰে। অৱশ্যে একাংশ উচ্চ ন্যায়ালয়ে বৰ্তমানলৈ এই তথ্য দাখিল কৰা নাই।

উচ্চতম ন্যায়ালয়ে বিষয়টোৰ পৰৱৰ্তী শুনানীৰ দিন অহা ১৬ ছেপ্টেম্বৰ ধাৰ্য কৰিছে ৷ যদিহে এনে প্ৰতিনিধি দোষী সাব্যস্ত হয়, তেন্তে সমগ্ৰ জীৱনৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ নাপাব পাৰে ৷ জনপ্ৰতিনিধিক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত নিষেধাজ্ঞা আৰোপ সম্পৰ্কত কেন্দ্ৰক স্থিতি জনাবলৈও উচ্চতম ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ বাবে কেন্দ্ৰক ন্যায়ালয়ে ছসপ্তাহৰ সময় বান্ধি দিছে।