শীৰ্ষ বাতৰি

ক'ৰ'নাত আক্ৰান্ত হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা

এই অধিবক্তাজনৰ ভ্ৰমণ ইতিহাস আছেনে নাই, সেয়া স্পষ্ট নহয় ।

Sentinel Digital Desk

ৰাজ্যত উদ্বেগজনকভাৱে ক'ৱিড-১৯আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তাৰ শৰীৰত ধৰা পৰিছে এই অতি সংক্ৰামক ভাইৰাছৰ উপস্থিতি ৷ প্ৰাপ্ত তথ্য অনুসৰি কালি সোমবাৰে তেওঁৰ নমুনা পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পায় ৷ ইয়াৰ লগে লগে তেওঁৰ সতীৰ্থ অধিবক্তাসকল আতংকিত হৈছে ৷ উল্লেখ্য যে গ্ৰীষ্ম বন্ধ খোলাৰ পাছত যোৱা ২৭জুনলৈকে আদালতৰ কাম-কাজ পূৰ্ণগতিত চলে ৷ ক'ৰ'নাত আক্ৰান্ত অধিবক্তাজনো আদালতলৈ গৈছিল। গতিকে তেওঁ ক'ৰ'নাত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ লগে লগে সতীৰ্থ অধিবক্তাসকল আতংকিত হৈছে ৷ এই সম্পৰ্কত উপাসনা শৰ্মা নামৰ অধিবক্তাগৰাকীয়ে 'দ্য ছেণ্টিনেল ডিজিটেল'ক কয় যে এই অধিবক্তাজন হৈছে ক'ৰ'নাত আক্ৰান্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমজন অধিবক্তা ৷ " এই মহামাৰীৰ উদ্বেগজনকভাৱে ঘটা প্ৰাদুৰ্ভাৱৰ বাবে মানুহ আতংকিত হৈছে ৷ আমাৰ এই অধিবক্তাজনৰ ভ্ৰমণ ইতিহাস আছেনে নাই, সেয়া স্পষ্ট নহয় ।

উল্লেখ্য যে শেহতীয়াভাবে গুৱাহাটীত ক'ৰ'নাত আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাবে বৃদ্ধি পাইছে ।