শীৰ্ষ বাতৰি

জ্ঞানপীঠ বঁটা বিজয়ী বিশিষ্ট অভিনেতা, পৰিচালক গিৰিশ কাৰ্ণাডৰ দেহাৱসান

Sentinel Digital Desk

আজি পুৱা বিশিষ্ট অভিনেতা তথা পৰিচালক , জ্ঞানপীঠ বঁটা বিজয়ী গিৰিশ কাৰ্ণাডে শেষ নিশ্বাস ত্যাগ কৰে । দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল অভিনেতা গিৰিশ কাৰ্ণাড। মৃত্যুৰ সময়ত গিৰিশ কাৰ্ণাডৰ বয়স আছিল ৮১ বছৰ । মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ আৰু কন্যাক এৰি থৈ গৈছে । বাংগালোৰৰ নিজৰ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে কাৰ্ণাডে ।

১৯৯৮ চনত জ্ঞানপীঠ বঁটাৰে সন্মানীত হৈছিল বলীউডৰ অভিনেতাগৰাকী। ১৯৩৮ চনৰ ১৯ মে’ত মহাৰাষ্ট্ৰত জন্মগ্ৰহণ কৰিছিল প্ৰখ্যাত নাট্যকাৰগৰাকী। গিৰিশ কাৰ্ণাডে অভিনয় কৰা শেষৰ খন ছবি হৈছে "এক থা টাইগাৰ ", টাইগাৰ জিন্দা হে"। বিশিষ্ট অভিনেতা তথা পৰিচালক গিৰিশ কাৰ্ণাডে বহুতো ছবিত অভিনয় কৰাৰ লগতে নাটকো কৰিছিল । তেওঁ অভিনয় জগত খনলৈ দি যোৱা অবদানৰ বাবে গিৰিশ কাৰ্ণাডক পদ্মশ্ৰী আৰু পদ্ম ভূষণ সন্মানৰে সন্মানীত কৰিছিল । জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰিছিল গিৰিশ কাৰ্ণাডক ।

গিৰিশ কাৰ্ণাডে দাক্ষিণ্যাত্য ছবি জগত খনৰ লগতে বলীউড ছবি জগতত যথেষ্ট ছবিত তেওঁ অভিনয় কৰিছিল । বিশ্ব পৰ্যায়ৰ ছবি নিৰ্মাণৰ লগতে ভাৰতীয় ছবি জগত খনত দি যোৱা অবদানৰ বাবে কানাডা ফ্লিম চচাইটি গিৰিশ কাৰ্ণাডৰ ওচৰত চিৰ কৃতজ্ঞ ।

১৯৭০ চনত গিৰিশ কাৰ্ণাডে "চামাস্কাৰা " নামৰ কানাডা ছবিৰ জৰিয়তে ছবি জগতখনত ভূমুকি মাৰিছিল । ছবি খন ইউ আৰ অনন্তমুৰ্থীৰ উপন্যাসৰ ওপৰত আধাৰিত আৰু ছবিখনৰ পৰিচালনা কৰিছিল পাত্তাভিৰামা ৰেড্ডীয়ে। তেওঁৰ প্ৰথম ছবি খনে President's Golden lotus award লাভ কৰিবলৈ সক্ষম হৈছিল ।

গিৰিশ কাৰ্ণাডে অভিনয় কৰা আন কেইখনমান জনপ্ৰিয় ছবি হৈছে 'তামালিউ নীনাডে মাজেন, অন্দানন্দো কালাডালি, চেলুভি, কাডু আৰু কানৰো হেগাদিতি। সমান্তৰালকৈ গিৰিশ কাৰ্ণাডে অভিনয় কৰা হিন্দী ছবিৰ ভিতৰত নিশ্বান্ত, মান্থান, স্বামী আৰু পোকাৰ আদি । কেইবছৰ মানৰ আগত অভিনয় কৰা ছবি ইকবাল, দৰ, আশায়ান আৰু ৮×১০ তাছবিৰ আদি ।

চলমান খানে অভিনয় কৰা টাইগাৰ জিন্দা হে ছবি খনতো গিৰিশ কাৰ্ণাডে অভিনয় কৰিছিল ।মন্থন আৰু পুকাৰৰ দৰে কালজয়ী চিনেমা পৰিচালনা তথা অভিনয় কৰিছিল গিৰিশ কাৰ্নাডে। দক্ষিণ ভাৰতীয় ৰংগমঞ্চ আৰু ছবিজগতৰ পিতামহৰূপে খ্যাত আছিল অভিনেতাগৰাকী। আৰ কে নাৰায়নৰ ‘মালগুড়ি ডেইজ’ত তেওঁ স্বামীৰ পিতৃৰ ভূমিকা পালন কৰিছিল। তেওঁ লিখা হয়াবদনা, য়য়াতি, তুগলকৰ দৰে নাটক কৰ্ণাটক আৰু অন্য ৰাজ্যসমূহত বিদ্যালয়ৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হৈছিল।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি