শীৰ্ষ বাতৰি

চৰকাৰী বাসভৱনতে গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত দাসৰ আত্মহত্যা

Sentinel Digital Desk

গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত দাসৰ মৃতদেহ আজি নিজৰ চৰকাৰী বাসভৱনত উদ্ধাৰ হয়। আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত শীৰ্ষ চৰকাৰী বিষয়াজনে আত্মহত্যা কৰা বুলি প্ৰতিপন্ন হৈছে৷ নিজকে শেষ কৰি দিয়া দাস ২০০২ৰ অসম অসামৰিক সেৱা (এ চি এছ)-ৰ বিষয়া আছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি তেওঁৰ শৰীৰ তেনেই দুৰ্বল আছিল ৷ তদুপৰি তেওঁৰ পিতৃও দীৰ্ঘদিন ধৰি অসুস্থ আছিল ৷ দুমাহ পূৰ্বে দাসে অতিৰিক্ত উপায়ুক্তৰূপে গোৱালপাৰাত যোগদান কৰিছিল ৷

তেওঁৰ আত্মহত্যা সম্পৰ্কত চৰকাৰী সূত্ৰই কয়, " তেওঁৰ পিতৃ দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাটোৱে বিষয়াগৰাকীৰ ওপৰত যথেষ্ট মানসিক চাপৰ সৃষ্টি কৰিছিল। মৰণোত্তৰ পৰীক্ষা কৰি থকা হৈছে ৷" দাসৰ প্ৰকৃত ঘৰ গুৱাহাটীৰ বীৰুবাৰীত ৷