শীৰ্ষ বাতৰি

উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকলৈঃ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ সুবিধা অসম চৰকাৰৰ

Sentinel Digital Desk

উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকলৈঃ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ সুবিধা অসম চৰকাৰৰ

আগষ্ট মাহৰ পৰা উচ্চতৰ মাধ্যমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত সকলো ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ মাচুল বিনামূলীয়া কৰিছে অসম চৰকাৰে ৷ দেওবাৰে এখন সংবাদমেলত এই কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে এইবাৰ এই সুবিধা দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোককে ধৰি সকলোৰে বাবে প্ৰযোজ্য।

সংবাদমেলত মন্ত্ৰী শৰ্মাই এই কথা ঘোষণা কৰি লগতে কয় যে ক'ৱিড-১৯ ৰ ফলত ৰাজ্যৰ সকলোৱে সন্মুখীন হোৱা আৰ্থিক পৰিস্থিতি সহায়ৰ বাবে এই পদক্ষেপ লোৱা হৈছে। তেওঁ কয় যে উচ্চতৰ মাধ্যমিক, স্নাতক ,বিশ্ববিদ্যালয় আদিতো নামভৰ্তি বিনামূলীয়া হ'ব । লগতে চৰকাৰৰ অন্তৰ্গত আন বিদ্যালয় প্ৰতিষ্ঠানসমূহৰ বাবেও এই নিয়ম প্ৰযোজ্য হ'ব।

তেওঁ আৰু কয় যে নামভৰ্তিৰ লগতে বিদ্যালয় বা কলেজ সমূহত কোনো ধৰণৰ মাচুল ল'ব নোৱাৰিব। মহাবিদ্যালয় আৰু , বিশ্ববিদ্যালয়সমূহে আনকি সৰস্বতী পূজাৰ মাচুল , আলোচনী আদিৰ বাবেও মাচুল ল'ব নোৱাৰিব। যদি কোনো কলেজৰ অধ্যক্ষই কোনো ধৰণৰ মাচুল লয় তেন্তে তেওঁৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা ল'ব চৰকাৰে। বিনামূলীয়া মানে সম্পূৰ্ণ বিনামূলীয়া হ'ব ।

লগতে তেওঁ কয় যে নামভৰ্তিৰ বাবে দিয়া প্ৰচপেক্টাচৰ বাবদো কোনো টকা আদায় ল'ব নোৱাৰিব। সেইদৰে নামভৰ্তিৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ বেংক একাউণ্ট নম্বৰ সংগ্ৰহ কৰা হ'ব, যাৰ দ্বাৰা স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথি ক্ৰয়ৰ বাবে এহাজাৰকৈ টকা দিয়া হ'ব । তদুপৰি ছাত্ৰাবাসত থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মাহে এহেজাৰকৈ মুঠ ১২ হাজাৰ টকা প্ৰদান কৰা হ'ব।

এইবাৰ প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ডিজিটেলযোগে ঘোষণা কৰাৰ বাবে তেওঁ 'ছেবা'ক প্ৰশংসা কৰে । তেওঁ কয় যে ১০৯ খন চৰকাৰী বিদ্যালয়ত ১০০% উত্তীৰ্ণ হৈছে । ৫০৩ খন বিদ্যালয়ত উত্তীৰ্ণৰ হাৰ ৯০ ৰ পৰা ১০০ শতাংশ। লগতে ১৭ খন

বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ০% , সেইসমূহ বিদ্যালয় বন্ধ কৰি দিয়া হ'ব আৰু তাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক অন্য বিদ্যালয়লৈ স্থনান্তৰ কৰা হ'ব ।