শীৰ্ষ বাতৰি

আজি জুন মাহৰ সম্পূৰ্ণ দৰমহা পাব ৰাজ্যিক কৰ্মচাৰীয়ে

এক জুলাইত অসম চৰকাৰৰ চাকৰিয়ালসকলৰ জুন মাহৰ সম্পূৰ্ণ দৰমহা মুকলি কৰি দিয়া হ’ব।

Sentinel Digital Desk

আজি তথা পহিলা জুলাইতে চলিত বৰ্ষৰ জুন মাহৰ সম্পূৰ্ণ দৰমহা লাভ কৰিব অসম চৰকাৰৰ চাকৰিয়ালসকলে। বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে। মন্ত্ৰী শৰ্মাই এই কথা প্ৰকাশ কৰি এটা টুইটত কয়," এক জুলাইত অসম চৰকাৰৰ চাকৰিয়ালসকলৰ জুন মাহৰ সম্পূৰ্ণ দৰমহা মুকলি কৰি দিয়া হ'ব। বিত্তীয় জটিলতা সত্বেও আপোনালোকৰ সমস্যা সমাধানৰ বাবে আমি আমাৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিয়াৰ চেষ্টা কৰিছো। আপোনালোকৰ ধৈৰ্য আৰু বুজাপৰাক সন্মান জনাইছো। উল্লেখ্য যে ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ বাবে ঘোষণা কৰা লক-ডাউনে অৰ্থনীতিক জোঁকাৰি পেলোৱা বুলি চৰ্চা হৈ আহিছে। অসম চৰকাৰে মাজে-সময়ে ইয়াৰ ইংগিত দি আহিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৰ্থনীতিক পুনৰুদ্ধাৰৰ উদ্দেশ্যে এখন সমিতিও গঠন কৰিছে। এই সমিতিয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ হাতত প্ৰতিবেদন দাখিল কৰিছে।