শীৰ্ষ বাতৰি

শ্ৰমিকৰ বাবে চৰকাৰৰ ওচৰত এহেজাৰ কোটি আছেঃ মন্ত্ৰী কিষাণ

Sentinel Digital Desk

ক'ৰ'না মহামাৰীজনিত পৰিস্থিতিয়ে জীৱনযাত্ৰা জটিল কৰি তোলা শ্ৰমিক শ্ৰেণীক সকাহ দিব পৰাকৈ ৰাজ্য চৰকাৰৰ হাতত এহেজাৰ কোটি টকা জমা আছে ৷ বুধবাৰে বিধানসভাত এই তথ্য প্ৰকাশ কৰে শ্ৰমিক উন্নয়ন মন্ত্ৰী সঞ্জয় কিষানে ৷ উল্লেখ্য যে ল'ক-ডাউনে জীৱন যাত্ৰা জটিল কৰি তোলা শ্ৰমিকসকলক পুনৰ সংস্থাপিত কৰাৰ বিষয়ক লৈ সদনৰ মজিয়া উত্তপ্ত হৈ পৰে ৷ পৰিস্থিতি ইমান উত্তপ্ত হৈ পৰে যে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে মন্ত্ৰী কিষাণক বিষয়টো আলোচনাৰ বাবে দলীয় নেতৃবৰ্গৰ এখন সভা অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়।

আনহাতে, হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে মন্ত্ৰীজনে কয় যে পঞ্জীয়নকৃত শ্ৰমিকৰ বাবে পুঁজিৰ কোনো অভাৱ হোৱা নাই। চৰকাৰৰ হাতত শ্ৰমিকৰ বাবে এহেজাৰ কোটি টকা আছে বুলি তেওঁ মন্তব্য কৰে ৷ কিন্তু অ-সংগঠিত খণ্ডৰ তথা শ্ৰম বিভাগৰ ওচৰত পঞ্জীয়ন নকৰা শ্ৰমিকসকলক লৈহে সমস্যাৰ সৃষ্টি হৈছে বুলি মন্ত্ৰীজনে সদৰী কৰে ৷ সম্প্ৰতি এইসকল শ্ৰমিকৰ পঞ্জীয়নৰ বাবে ৰাজ্য চৰকাৰে জিলাভিত্তিক শিবিৰৰ আয়োজন কৰিছে বুলি তেওঁ কয়। শ্ৰমিকৰ দুখ-দুৰ্দশাৰ এই বিষয় উত্থাপন হয় সদনৰ প্ৰশ্নকালত ৷ ল'ক-ডাউনৰ ফলত শ্ৰমিকসকল সমস্যাৰ সন্মুখীন হোৱা বিষয়টো প্ৰথমে উত্থাপন কৰে বিধায়ক কমলাক্ষ্য দে' পুৰকায়স্থই ৷

তেওঁ কয় যে ৰিক্সাৱালা, ঠেলাৱালা আদিৰ দৰে অ-সংগঠিত খণ্ডৰ শ্ৰমিকসকলে তলাবন্ধৰ ফলত দুখ-যাতনাৰ সন্মুখীন হৈছে ৷ এইসকলক সহায় কৰিব পৰাকৈ চৰকাৰৰ কোনো গাঁথনিগত ব্যৱস্থা নাই বুলি তেওঁ উল্লেখ কৰে। তাৰ মন্ত্ৰী কিষানে কয় যে চৰকাৰৰ হাতত পৰ্যাপ্ত পুঁজি আছে ৷ ইতিমধ্যে ২.৮৯ লাখ শ্ৰমিক পৰিয়ালক দুহেজাৰ টকাকৈ প্ৰদান কৰা হৈছে বুলিও তেওঁ সদৰী কৰে ৷