শীৰ্ষ বাতৰি

অসমত জাপানী উদ্যোগ নগৰী স্থাপনৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

তেওঁ লগতে কয় যে সমগ্ৰ দেশত বৰ্তমানে ১২খন জাপানী উদ্যোগ নগৰী আছে।

Sentinel Digital Desk

অসমত আগন্তক সময়ত এখন জাপানী উদ্যোগ নগৰী স্থাপনৰ লক্ষ্য লৈছে কেন্দ্ৰীয় চৰকাৰে। এই কথা সদৰী কৰি কেন্দ্ৰীয় চৰকাৰৰ এজন উচ্চপদস্থ বিষয়াই কয় যে ভাৰত-জাপানৰ মাজৰ সম্পৰ্ক অধিক দৃঢ় কৰাৰ উদ্দেশ্যে অসমত এই উদ্যোগ নগৰী স্থাপনৰ লক্ষ্য লোৱা হৈছে। এই উদ্যোগ নগৰীত ঘৰুৱাভাবে সামগ্ৰী উতপাদন কৰা হব। এই সম্পৰ্কত কেন্দ্ৰীয় উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য উত্তৰণ বিভাগ(ডি পি আই আই টি)-ৰ সচিব গৌৰপ্ৰসাদ মহাপাত্ৰই সাংবাদিকক জনায় যে সম্প্ৰতি এই বিভাগে সমগ্ৰ দেশৰ ঔদ্যোগিক অঞ্চল আৰু মণ্ডলসমূহৰ ভৌগোলিক তথ্য ব্যৱস্থা আধাৰিত ক্ষেত্ৰত কাম কৰি আছে।

তেওঁ লগতে কয় যে সমগ্ৰ দেশত বৰ্তমানে ১২খন জাপানী উদ্যোগ নগৰী আছে। ত্ৰয়োদশ এনে নগৰী অসমত স্থাপনৰ পৰিকল্পনা কৰা হৈছে বুলি মহাপাত্ৰই সদৰী কৰে। তেওঁ নিয়ন্ত্ৰক ব্যৱস্থাৱলী কিছু শিথিল কৰি অৰ্ধ-পৰিবাহক উত্পাদনৰ আঁচনি লৈছে কেন্দ্ৰই।