শীৰ্ষ বাতৰি

ক'ৰ'না মহামাৰীঃ পাণ্ডুৰ এটা ৱাৰ্ডৰ প্ৰতিঘৰৰে নমুনা সংগ্ৰহ কৰি হ'ব পৰীক্ষা

এই প্ৰক্ৰিয়া ৭ জুলাই মঙলবাৰৰ পৰা আৰম্ভ হ’ব।

Sentinel Digital Desk

গুৱাহাটীৰ সৰ্বাধিক ক'ৰ'না আক্ৰান্ত চিনাক্ত হোৱা পাণ্ডুৰ দুই প্ৰতিঘৰ লোকৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে। এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা টুইটত কয় যে অসমত ইয়ে হ'ব প্ৰথমটো গণ পৰীক্ষণ। " ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ পাণ্ডুৰ দুই নম্বৰ ৱাৰ্ড অঞ্চলৰ প্ৰতিঘৰ লোকৰ ঘৰে ঘৰে গৈ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰিব। এই প্ৰক্ৰিয়া ৭ জুলাই মঙলবাৰৰ পৰা আৰম্ভ হ'ব। ৱাৰ্ডটোত আমি দুদিনত ৩ হেজাৰ পৰীক্ষাৰ লক্ষ্য লৈছো", মন্ত্ৰী শৰ্মাই টুইটোত এইদৰে উল্লেখ কৰিছে।উল্লেখ্য যে পাণ্ডু একপ্ৰকাৰ ক'ৰ'না ভাইৰাছৰ ৰম্যপুৰীত পৰিণত হোৱাৰ লেখীয়া হৈছে।