শীৰ্ষ বাতৰি

কণ্টেইনমেণ্ট জ'নৰ পৰা বাহিৰলৈ নোলাবলৈ ৰাইজক অনুৰোধ সিঙৰ

Sentinel Digital Desk

কণ্টেইনমেণ্ট জ'নৰ পৰা বাহিৰলৈ নোলাবলৈ ৰাইজক অনুৰোধ সিঙৰ

কালি কামৰূপ মহানগৰ জিলাত ১৫ জনকৈ লোকৰ শৰীৰত মাৰাত্মক ক'ৱিড-১৯ ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত অধিক কঠোৰ হৈছে অসম আৰক্ষী।

কণ্টেইনমেণ্ট জ'নৰ পৰা বাহিৰলৈ নোলাবলৈ ৰাইজক জনসাধাৰণক অনুৰোধ জনাইছে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্ৰধান(আইন-শৃংখলা) জি পি সিঙে।

য়োৱা নিশা এটা টুইটত তেওঁ কয় , "অতি বিনম্ৰ অনুৰোধ যে কণ্টেইনমেণ্ট জ'নৰ পৰা অন্য জিলালৈ জনসাধাৰণে আন্তঃজিলা ভ্ৰমণ কৰিবলৈ অনুমতি পত্ৰ নিবিচাৰিব।

"কণ্টেইনমেণ্ট জ'নৰ পৰা ভ্ৰমণ কৰি অসমৰ ৩.৩ কোটি লোকলৈ বিপদ কঢ়িয়াই নানিব।"

তদুপৰি সমগ্ৰ ৰাজ্যৰে কণ্টেইনমেণ্ট জ'নৰ পৰা লোকসকলক বাহিৰলৈ ওলাই আহিবলৈ অনুমতি দিয়া নহ'ব বুলি তেওঁ টুইটত উল্লেখ কৰে।

কালি গুৱাহাটীত ১৫ গৰাকী লোকৰ দেহত ক'ৱিড-১৯ ভাইৰাছ ধৰা পৰাৰ পাছত মহানগৰীৰ ফাঁচীবজাৰ, ফটাশিল আমবাৰী, পাণবজাৰ ৰেইলৱে কলনি, শান্তিপুৰ আশ্ৰম ৰোড আৰু কুমাৰপাৰাক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে।