শীৰ্ষ বাতৰি

অৱশেষত মৃত্যুৰ সন্মুখত পৰাজয় বৰণ কৰিলে কেপ্টেইন বৰুণ সিঙে

আজি পুৱাৰ ভাগত প্ৰায় ৭টা দিন নিজৰ জীৱনৰ বাবে যুজাৰ পাছত অৱশেষত মৃত্যুৰ সন্মুখত পৰাজয় বৰণ কৰে এই সাহসী কেপ্টেইন গৰাকীয়ে

Sentinel Digital Desk

যোৱা ৮ ডিচেম্বৰ তাৰিখে, তামিল নাডুত দুৰ্ঘটনাগ্ৰস্ত হয় ভাৰতীয় বায়ু সেনাৰ এখন হেলিকপ্টাৰ। এই ভয়াবহ দূৰ্ঘটনাত মৃত্যবৰণ কৰে জেনেৰেল বিপিন ৰৱত আৰু তেওঁৰ পত্নীকে ধৰি মুঠ ১৩গৰাকী লোকে। অৱশ্যে দূৰ্ঘটনাত ধ্বংসস্তূপত পৰিণত হোৱা এই হেলিকপ্টাৰ খনৰ পৰা জীৱন্ত উদ্ধাৰ কৰা হৈছিল গ্ৰুপ কেপ্টেইন বৰুণ সিঙক।

গুৰুতৰ ভাৱে আহত কেপ্টেইন গৰাকীক ততাতয়াকৈ ভৰ্তি কৰোৱা হয় তামিল নাডুৰ, কোনোৰত অৱস্থিত ৱেলিংটন হস্পিতাললৈ লৈ যোৱা হয়। পৰবৰ্তী সময়ত আঘাতপ্ৰাপ্ত প্ৰেৰণ কৰা হয় বেংগালুৰু মিলিটাৰী চিকিৎসালয়লৈ, য'ত তেওঁক ৰখা হৈছিল লাইফ চাপৰ্টত।

কিন্তু আজি পুৱাৰ ভাগত প্ৰায় ৭টা দিন নিজৰ জীৱনৰ বাবে যুজাৰ পাছত অৱশেষত মৃত্যুৰ সন্মুখত পৰাজয় বৰণ কৰে এই সাহসী কেপ্টেইন গৰাকীয়ে।

এই শোকাৱহ ঘটনাৰ পাছতেই, টুইটাৰ যোগে নিজৰ সমবেদনা জ্ঞাপন কৰিছে ভাৰতীয় বায়ু সেনাই। "০৮ ডিচেম্বৰ ২০২১ তাৰিখে, হেলিকপ্টাৰ দূৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হোৱা সাহসী কেপ্টেইন বৰুণ সিঙে আজি পুৱাৰ ভাগত ইহলীলা ত্যাগ কৰে। এই শুকাকুল সময়ত নিজৰ সমবেদনা জ্ঞাপন কৰিছে ভাৰতীয় বায়ু সেনাই। মৃতকৰ পৰিয়ালৰ সৈতে এই সময়ত একেলগে থিয় দিব ভাৰতীয় বায়ু সেনাই।"

ইয়াৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰ যোগে লিখিছে যে, "গ্ৰুপ কেপ্টেইন বৰুণ সিঙে নিস্বাৰ্থ ভাৱে দেশখনলৈ নিজৰ সেৱা আগবঢ়ালে। তেওঁৰ মৃত্যুত মই দুখ প্ৰকাশ কৰিছোঁ। দেশৰ প্ৰতি তেওঁৰ নিস্বাৰ্থ সেৱাৰ বিষয়ে আমি কেতিয়াও নাপাহৰো। তেওঁৰ পৰিয়াল আৰু বন্ধু বৰ্গলৈ সমবেদনা। ওম শান্তি।"