শীৰ্ষ বাতৰি

গুৱাহাটীৰ প্ৰথম সংবাদ মাধ্যমৰ ব্যক্তিঃ ক'ৰ'নাত আক্ৰান্ত হ'ল সংবাদপত্ৰ কৰ্মী

তেওঁৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কোনো লক্ষণ ফুটি উঠা নাছিল

Sentinel Digital Desk

ৰাজ্যৰ প্ৰথম সংবাদ মাধ্যমৰ ব্যক্তিঃ ক'ৰ'নাত আক্ৰান্ত হ'ল গুৱাহাটীৰ সাংবাদিক

ক'ৰ'না মহামাৰীত ৰাজ্যৰ এজন সংবাদপত্ৰ কৰ্মী আক্ৰান্ত হৈছে ৷ গুৱাহাটীস্থিত এই সংবাদপত্ৰ কৰ্মীজনেই  হৈছে এই মহামাৰীত আক্ৰান্ত গুৱাহাটীৰ প্ৰথমজন সংবাদ মাধ্যমেৰে জড়িত ব্যক্তি ৷ প্ৰাপ্ত তথ্য অনুসৰি এই ব্যক্তিজন হিন্দী কাকত "নিশপক্ষ সমাচাৰ"-ত কৰ্মৰত ৷ কাকতখনৰ কাৰ্যালয় গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ সন্মুখত অৱস্থিত ৷ তেওঁ তৰুণ নগৰৰ নিহাৰ এপাৰ্টমেণ্টৰ বাসিন্দা ৷ তেওঁৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কোনো লক্ষণ ফুটি উঠা নাছিল ৷ এই সম্পৰ্কত এক সূত্ৰই দ্য়া ছেণ্টিনেল ডিজিটেলক জনোৱা মতে, সংবাদপত্ৰ কৰ্মীজন দেওবাৰে এজন ক'ৰ'না মহামাৰীত আক্ৰন্তৰ সংস্পৰ্শলৈ আহে। এই আক্ৰান্তজনৰ পৰা তেওঁৰ শৰীৰলৈ ক'ৰ'না ভাইৰাছ সোঁঁচৰা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে যোৱা এমাহ কাকতৰ কাৰ্যালয়লৈ অহা নাছিল।   ইপিনে, অসমত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৰ্তমানলৈকে ৪, ৩১৯হৈছে ৷