শীৰ্ষ বাতৰি

ক'ৰ'না আক্ৰান্ত চিনাক্তঃ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ একাংশক কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত

Sentinel Digital Desk

ক'ৰ'না আক্ৰান্ত চিনাক্তঃ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ একাংশক কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ একাংশক ক'ৰ'না কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত কৰিছে প্ৰশাসনে। কাৰাগাৰত এজন বন্দীৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ১৯ বছৰীয়া বন্দীজনৰ ঘৰ নলবাৰীত।শুকুৰবাৰে নিশা তেওঁ ক'ৰ'নাত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হয়। তাৰ পাছতে তেওঁক ততাতৈয়াকৈ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ নিয়া হয়। ইপিনে, এই সম্পৰ্কত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই কয় যে বন্দীজনৰ ওচৰলৈ অহা ৯ জন আৰক্ষী লোকক কোৱাৰেণ্টিন কৰা হৈছে।

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই কণ্টেইনমেণ্ট জ'ন চিহ্নিত কৰা এই কণ্টেইনমেণ্ট জ'নৰ চাৰিসীমা নিম্নোক্ত ধৰণে হ'বঃ

ক) উত্তৰঃ হৰেন টেৰণৰ বাসভৱন আৰু কফি বোৰ্ডৰ কাৰ্যালয়

খ) দক্ষিণঃ কেন্দ্ৰীয় কাৰাগাৰৰ সংলগ্ন পথ

গ) পূবঃ এছ এছ বিৰ শিবিৰ

ঘ) পশ্চিমঃ কেন্দ্ৰীয় কাৰাগাৰৰ প্ৰধান প্ৰৱেশদ্বাৰ।