শীৰ্ষ বাতৰি

ক'ৰ'না মহামাৰীঃ গুৱাহাটীত আৰু এজনৰ মৃত্যু

Sentinel Digital Desk

ৰাজ্যত ক'ৱিড-১৯ত আক্ৰান্ত আৰু এজন ব্যক্তি মৃত্যুমুখত পৰিছে৷ এই ব্যক্তিজন গুৱাহাটীৰ ফটাশিল আমবাৰীৰ। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি যোৱা ২২জুনত ফটাশিল আমবাৰীৰ দিলীপ তালুকদাৰ নামৰ লোকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয় ।কিন্তু তাত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷ তাৰ পাছতে তেওঁৰ নমুনা পৰীক্ষা কৰা হয়। এই নমুনা পৰীক্ষাত তেওঁৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ এই লোকজনৰ মৃত্যু হোৱাৰ লগে লগে ৰাজ্যত ক'ৰ'নাত মৃতৰ সংখ্যা ১২জনলৈ বৃদ্ধি পাইছে ৷ মৃত্যুৰ সময়ত তালুকদাৰৰ বয়স হৈছিল ৫০বছৰ ৷ তেওঁৰ পৰিয়াললৈ স্বাস্থ্য মন্ত্ৰী শৰ্মাই সমবেদনা জনাইছে ৷

উল্লেখ্য যে যোৱা ৪৮ঘণ্টাত গুৱাহাটীত গুৱাহাটীত দুজন ক'ৱিড-১৯আক্ৰান্তৰ মৃত্যু হয় ৷ এটা টুইটত স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে গুৱাহাটীৰ খানাপাৰাৰ হেমাংগ মজুমদাৰ নামৰ এজন ব্যক্তিৰ ক'ৰ'নাত মৃত্যু হৈছে ৷ মৃত্যুৰ সময়ত মজুমদাৰৰ বয়স হৈছিল ৪৫বছৰ ৷ তেওঁক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হৈছিল ৷ চিকিৎসকসকলে তেওঁৰ জীৱন ৰক্ষা কৰিব নোৱাৰিলে ৷ মজুমদাৰৰ পৰিয়াললৈ মন্ত্ৰী শৰ্মাই সমবেদনা জনায় ৷