শীৰ্ষ বাতৰি

তলাবন্ধৰ মাজতে গুৱাহাটীত ৩৮০জন ক'ৰ'না আক্ৰান্ত চিনাক্ত

সমগ্ৰ ৰাজ্যত মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৮,৪০৭ জন হৈছে।

Sentinel Digital Desk

যোৱা দেওবাৰৰ মাজনিশাৰ পৰা পুনৰ আৰোপিত সম্পূৰ্ণ তলাবন্ধ বা ল'ক-ডাউনৰ সময়ছোৱাত গুৱাহাটী মহানগৰীত ৩৮০ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত হৈছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি কালিৰ দিনটোত সমগ্ৰ ৰাজ্যত ৫৭২জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয়। গতিকে সকলোৱে অত্যধিক সাৱধানতা অৱলম্বন কৰা উচিত বুলি স্বাস্থ্য মন্ত্ৰী শৰ্মাই মন্তব্য কৰে। আনহাতে, সমগ্ৰ ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৮,৪০৭ জন হৈছে। ইয়াৰে ৫,৬৪৭জন আৰোগ্য হোৱাত তেওঁলোকক হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে। একেদৰে সম্প্ৰতি দেশত বৰ্তমানলৈকে ক'ৰ'না আক্ৰান্তৰ সংখ্যাই ৫ লক্ষৰ ঘৰ অতিক্ৰম কৰিছে। ইপিনে, ৰাজ্যত এই পৰ্যন্ত ১২ জন ক'ৰ'না আক্ৰান্ত মৃত্যুমুখত পৰিছে।