শীৰ্ষ বাতৰি

অঘৰী মেকুৰী হত্যা কৰি গুৱাহাটীত দোকানী গ্ৰেপ্তাৰ

Sentinel Digital Desk

এটা অঘৰী মেকুৰী হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে গুৱাহাটীৰ এজন গেলামালৰ দোকানী ৷ দোকানীজনে দোকানৰ ভিতৰত প্ৰৱেশ কৰা মেকুৰীটোক লাঠিৰে প্ৰচণ্ড কোব সোধোৱাৰ দৃশ্যৰ ভিডিঅ' কৰি কোনো লোকে ছ'চিয়েল মিডিয়াত আপলোড কৰে ৷ এই ভিডিঅ'ৰ আঁত ধৰি আৰক্ষীয়ে দোকানীজনক গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি পাঞ্জাবাৰীৰ জুৰিপাৰস্থিত এখন গেলামালৰ দোকানৰ গৰাকী জ্যোতি পাঠকে অলপতে এটা মেকুৰীক লাঠিৰে প্ৰচণ্ড কোব সোধায়।

ইয়াৰ তিনিদিনৰ পাছত মেকুৰীটোৰ মৃত্যু হয় ৷ আনহাতে, কোনো লোকে মেকুৰীটোক দোকানীজনে কোব সোধোৱাৰ দৃশ্য কেমেৰাত বন্দী কৰি ছ'চিয়েল মিডিয়াত আপলোড কৰে ৷ এই ভিডিঅ' ভাইৰেল হয়। এই দৃশ্য প্ৰত্যক্ষ কৰি কোনো লোকে দোকানীজনৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি দোকানী পাঠকক গ্ৰেপ্তাৰ কৰিছে ৷ দোকানীজনৰ মাৰত গুৰুতৰভাবে আহত মেকুৰীটোক কোনো হৃদয়বান লোকে পশু চিকিৎসালয়লৈ নিয়ে যদিও তেতিয়ালৈ বহু পলম হয়। ফলত তাৰ প্ৰাণৰক্ষা নপৰিল।