শীৰ্ষ বাতৰি

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ এজন

Sentinel Digital Desk

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ হৈছে হাজোৰ এজন লোক ৷ অভিযোগ অনুসৰি কামৰূপ জিলাৰ হাজোৰ আখতাৰ আলীয়ে ফে'চবুকত স্বাস্থ্য মন্ত্ৰী শৰ্মাক হত্যাৰ ভাবুকি দিয়ে ৷ ইয়াক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সমান্তৰালভাবে হাজো মণ্ডল বিজেপিয়ে আলীৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে ৷

তেতিয়া তেওঁ আত্মগোপন কৰে ৷ অৱশ্যে বৃহস্পতিবাৰে নিশা স্থানীয় আৰক্ষীয়ে আলীক গ্ৰেপ্তাৰ কৰে ৷ ঘটনাৰ অধিক তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷