শীৰ্ষ বাতৰি

মোক বিজেপিয়ে মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰস্তাৱ দিয়া নাইঃ ৰঞ্জন গগৈ

Sentinel Digital Desk

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ মনোনীত সাংসদ ৰঞ্জন গগৈ আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী হ'ব বুলি ব্যাপক চৰ্চা হৈছে। কালি প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও কয় যে প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈ আগন্তুক নিৰ্বাচনৰ বিজেপিৰ মুখ্যমন্ত্ৰী হব। স্বাভাৱিকতে গগৈৰ এনে মন্তব্যই এই চৰ্চাত অধিক সাৰ-পানী যোগায়। এনে অৱস্থাতে বিষয়টো সন্দৰ্ভত মুখ খুলিছে প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈয়ে।

সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে তেওঁ ৰাজনীতিক নহয় আৰু তেওঁক বিজেপিয়ে মুখ্যমন্ত্ৰী পদৰ প্ৰস্তাৱ আগবঢ়োৱা নাই। উল্লেখ্য যে গগৈক ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰাৰ সময়ত কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে তেওঁক কঠোৰ সমালোচনা কৰিছিল।