শীৰ্ষ বাতৰি

সাতদিনৰ ভিতৰত ঘোষিত বিদেশীক জামিনত মুক্তিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Sentinel Digital Desk

সাতদিনৰ ভিতৰত ঘোষিত বিদেশীক জামিনত মুক্তিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

সাতদিনৰ কাৰাবন্দী ঘোষিত বিদেশীক জামিনত মুক্তি দিবলৈ নিৰ্দেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। অলপতে উচ্চতম ন্যায়ালয়ে কৰা এক ৰায়দানৰ আধাৰ কৰি আৰু ক’ৰ’না মহামাৰীয়ে সৃষ্টি কৰা ভয়াবহ পৰিস্থিতিৰ দিশ অনুধাৱন কৰি বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম আৰক্ষীৰ সীমান্ত শাখালৈ এই নিৰ্দেশ জাৰি কৰে। ন্যায়াধীশ মনজিত ভৃঞা আৰু ন্যায়াধীশ অজিত বৰঠাকুৰৰ বিচাৰপীঠে জাৰি কৰা এই নিৰ্দেশত দুবছৰ বন্দী শিবিৰত পাৰ কৰা ঘোষিত বিদেশীক সাতদিনৰ ভিতৰত জামিনত মুক্তি দিবলৈ কোৱা হৈছে। ন্যায়ালয়ে এটা নিজাববীয়া গোচৰ ৰুজু কৰি সীমান্ত শাখাৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানলৈ এই নিৰ্দেশ জাৰি কৰে। ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত দুবছৰ বন্দী শিবিৰত পাৰ কৰা ঘোষিত বিদেশীয়ে জামিনত মুক্তি লাভ কৰিব। ইয়াৰ বাবে পাঁচ হেজাৰ টকাৰ ছিউৰিটী জমা দিব লাগিব। উল্লেখ্য যে অসমত বৰ্তমানে ছটা বন্দী শিবিৰ আছে। এই বন্দী শিৱিৰসমূহত অনেক ঘোষিত বিদেশী বন্দী হৈ আছে।