শীৰ্ষ বাতৰি

ৰাজ্যৰ ক'ৰ'নাজনিত পৰিস্থিতিক লৈ গভীৰ আশংকা স্বাস্থ্য মন্ত্ৰীৰ

Sentinel Digital Desk

ৰাজ্যৰ সাম্প্ৰতিক ক'ৰ'নাজনিত পৰিস্থিতিক লৈ গভীৰ আশংকা ব্যক্ত কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী শৰ্মাই বৃহস্পতিবাৰে কয় যে ৰাজ্যত ক'ৰ'নাৰ সংক্ৰমণ বৰ্তমানৰ লেখীয়াকৈ অব্যাহত থাকিলে অহা ডিচেম্বৰলৈকে পৰিস্থিতি মোকাবিলা অসম্ভৱ হৈ পৰিব ৷ সকলোকে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাই তেওঁ আৰু কয় যে বুধবাৰে মাথোঁ এদিনতে ১৮জনকৈ ক'ৰ'না আক্ৰান্তৰ মৃত্যু হোৱাটো গভীৰ উদ্বেগৰ বিষয়। উল্লেখ্য যে কালিলৈকে ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্ত ব্যক্তি ১, ৩৫, ৮০৫জন আছিল ৷

ইয়াৰে ২৯, ৬৮৭জনৰ শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ আছিল ৷ ১,০৫, ৭০৪জনক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে ৷ আনহাতে, ৪১৪জন মৃত্যুমুখত পৰিছে ৷ পৰিস্থিতি কেনে জটিল হৈছে শেহতীয়া আন এক তথ্যৰ পৰা অনুধাৱন কৰিব পাৰি ৷ কাৰণ নিতৌ এই মহামাৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। 

সম্প্ৰতি ৰাজ্য চৰকাৰে চৰকাৰী চিকিৎসালত আই চি ইউৰ সংখ্যা বৃদ্ধি কৰাৰ চেষ্টা কৰা বুলি সদৰী কৰি স্বাস্থ্য মন্ত্ৰী শৰ্মাই লগতে কয়," কালাপাহাৰৰ চিকিৎসালয়ক আই চি ইউ কেন্দ্ৰলৈ পৰিণত কৰা হ'ব ৷ নিতৌ ৫১ এম টি অক্সিজেনৰ প্ৰয়োজন হৈছে ৷" তেওঁ এইবুলিও সতৰ্ক কৰি দিয়ে যে পৰিস্থিতি ইতিমধ্যে গুৰুতৰ হৈছে ৷ যদি মানুহে ক'ৱিড-১৯নিয়ন্ত্ৰণৰ নীতি-নিয়মাৱলী উলংঘা কৰি থাকে, তেন্তে পৰিস্থিতি অক্টোবৰত অধিক ভয়াবহ হ'ব বুলিও তেওঁ মন্তব্য কৰে ৷