শীৰ্ষ বাতৰি

প্ৰধানমন্ত্ৰী মোদীক অনুকৰণ কৰি গামোচাক মাস্কৰূপে ব্যৱহাৰৰ আহ্বান মন্ত্ৰী শৰ্মাৰ

Sentinel Digital Desk

প্ৰধানমন্ত্ৰী মোদীক অনুকৰণ কৰি গামোচাক মাস্কৰূপে ব্যৱহাৰৰ আহ্বান মন্ত্ৰী শৰ্মাৰ

অসম আৰু অসমীয়াৰ ঐতিহ্য-গৌৰৱৰ প্ৰতীক গামোচাক মাস্ক বা মুখ বান্ধনিৰূপে ব্যৱহাৰৰ আহ্বান জনাইছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ক'ৰ'না মহামাৰীয়ে অসমতো জটিল ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য মন্ত্ৰীয়ে সকলোৰে প্ৰতি এই আহ্বান জনাইছে ৷ এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদাহৰণ ৰূপে ল'বলৈ আহ্বান জনাইছে ৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশত ক'ৰ'নাৰ প্ৰাদুৰ্ভাব ঘটাৰ পাছৰে পৰা গামোচাক মাস্কৰূপে ব্যৱহাৰ কৰি দেশবাসীক উদ্দেশি বক্তব্য প্ৰদান কৰি আহিছে ৷ প্ৰধানমন্ত্ৰীক অনুকৰণ কৰি গামোচা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই শনিবাৰে এটা টুইটত স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয়, " গামোচা হৈছে অসমৰ এক চহকী সংস্কৃতি আৰু গৌৰৱোজ্জল বুৰঞ্জীৰ প্ৰতীক ৷ প্ৰধানমন্ত্ৰী মোদীয়ে গামোচাক মাস্কৰূপে ব্যৱহাৰ কৰাটোৱে আমাক সুখী আৰু আহ্লাদিত কৰিছে ৷ বজাৰৰ পৰা কিনি অনা মাস্কৰ পৰিৱৰ্তে মই গামোচাক মাস্কৰূপে ব্যৱহাৰ কৰিবলৈ অসমবাসীৰ প্ৰতি অনুৰোধ জনাইছো ৷" অসমৰ ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি সম্প্ৰতি অধিক উদ্বেগজনক হৈ পৰিছে৷ শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৩১৯ জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী  শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি নতুনকৈ ৫৩জন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ এই ৫৩ জন লোকৰ ৪৪জন সৰুসজাই কোৱাৰেণ্টিন চেণ্টাৰত আছে ৷ আন কেইজনৰ সাতজন ডিমা হাচাওৰ আৰু দুজন কাচাৰৰ । এই লোক কেইজন পজিটিভ চিনাক্ত হোৱাৰ লগে লগে সম্প্ৰতি ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা লোকৰ সংখ্যা ২৫৮ জনলৈ বৃদ্ধি পাইছে ।

অৱশ্যে মোদীয়ে বিগত ছবছৰত সততে গামোচা ব্যৱহাৰ কৰি অহাটো পৰিলক্ষিত হৈছে ৷ ইয়াক লৈ অসমৰ বহুতে প্ৰধানমন্ত্ৰীজনক প্ৰায়ে প্ৰশংসাৰে উপচাই আহিছে ৷