শীৰ্ষ বাতৰি

মাতৃভাষাত গুৰুত্বঃ নতুন শিক্ষানীতিক মন্ত্ৰী শৰ্মাৰ প্ৰশংসা

Sentinel Digital Desk

মাতৃভাষাক গুৰুত্ব প্ৰদানেৰে নৰেন্দ্ৰ মোদী চৰকাৰে নতুন শিক্ষা নীতি প্ৰস্তুত কৰা বুলি উল্লেখ কৰি এই শিক্ষানীতিক ভূয়সী প্ৰশংসা কৰিছে অসমৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে কালি মোদী কেবিনেটে এই শিক্ষানীতিত অনুমোদন জনায়। এই শিক্ষানীতিৰ প্ৰশংসাত পঞ্চমুখ হৈ এটা টুইটত শিক্ষামন্ত্ৰী শৰ্মাই কয়, " সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত প্ৰস্তুত কৰা এই শিক্ষানীতিয়ে আমাৰ শিক্ষণ-শিকনত আমূল পৰিৱৰ্তন সাধন কৰিব। এই শিক্ষানীতিত মাতৃভাষা তথা আঞ্চলিক ভাষাক গুৰুত্ব দিয়াৰ বাবে মই শলাগ লৈছো। অভিনন্দন ডঃ আৰ পি নিশাংক"।

উল্লেখ্য যে যোৱা জুনত অসম চৰকাৰে দশম শ্ৰেণীলৈকে মাতৃভাষা বাধ্যতামূলক কৰে।আনহাতে, ৩৪ বছৰৰ মূৰত ৰাষ্ট্ৰীয় শিক্ষানীতি সলনি কৰা হৈছে। এই শিক্ষানীতিত কোৱা হৈছে যে অন্ততঃ পঞ্চম শ্ৰেণীলৈকে মাতৃভাষা মাধ্যমত শিক্ষাদান কৰিব লাগিব। কিন্তু অষ্টম অথবা তাৰ পাছতো মাতৃভাষা মাধ্যমত শিক্ষাদান কৰিব পাৰিব।