শীৰ্ষ বাতৰি

নতুন ৰাজনৈতিক দলে ৭০০-১৫০০ভোটহে পাবঃ মন্ত্ৰী শৰ্মা

Sentinel Digital Desk

ৰাজ্যত নৱগঠিত আঞ্চলিক দলসমূূহে একোটা সমষ্টিত সাতশৰ পৰা ১৫শ লাভ কৰিবলৈহে সক্ষম হ'ব ৷ এই ভৱিদ্ব্যবাণী কৰিছে ৰাজ্যৰ শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সোমবাৰে আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত বহুচৰ্চিত ৰাজনৈতিক দলটোৱে জন্ম লাভ কৰে ৷ অসম জাতীয় পৰিষদ নামৰ এই দল ঘোষণাৰ কথা উদ্যোক্তাই ঘোষণা কৰাৰ কিছু সময়ৰ পাছতে মন্ত্ৰী শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই এই দলে বিজেপিৰ বিকল্পৰূপে গঢ় ল'ব বুলি সংবাদমেলত মন্তব্য কৰাৰ পাছতে মন্ত্ৰী শৰ্মাই কয় যে নতুন আঞ্চলিক দলসমূহে আগন্তুক বিধানসভা নিৰ্বাচনত যিবোৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব, সেই সমষ্টিসমূহত প্ৰতিটোতে সাতশৰ পৰা ১৫শ ভোট লাভ কৰিবলৈহে সক্ষম হ'ব ৷

গুৱাহাটীত এক অনুষ্ঠানত অংশ লোৱাৰ সময়ত তেওঁ সাংবাদিকৰ আগত কয়, " নতুন দলে সাতশৰ পৰা ১৫শ ভোট লাভ কৰিবলৈহে সক্ষম হ'ব ৷ যদি মোৰ কথা সত্য হয়, তেতিয়া নক'ব যে মই কিবা যাদু কৰিলো ৷" নিৰ্বাচনৰ সময়ত নতুন দল, নেতাৰ কাঠফুলাৰ দৰে সৃষ্টি হোৱাটো গতানুগতিক ঘটনাৰূপেও তেওঁ অভিহিত কৰে ৷ আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিক কটাক্ষ কৰি শৰ্মাই লগতে কয়, " কৃষক মুক্তি সংগ্ৰাম সমিতিত ক'ত কৃষক আছে ?" উল্লেখ্য যে কৃষক মুক্তিয়েও এটা সুকীয়া ৰাজনৈতিক দল গঠন কৰিব বুলি কিছুদিন পূৰ্বে ঘোষণা কৰে ৷