শীৰ্ষ বাতৰি

ৱেবছাইটত উপলব্ধ নে'টৰ প্ৰবেশ পত্ৰ : পৰীক্ষাৰ তাৰিখ-ডাউনলোড প্ৰক্ৰিয়া

Sentinel Digital Desk

যোৱা শনিবাৰ, ১৩ নৱেম্বৰত নেচনেল টেষ্টিং এজেঞ্চীয়ে UGC ৰ ৰাষ্ট্ৰীয় শিক্ষক অৰ্হতা পৰীক্ষা ডিচেম্বৰ ২০২১ আৰু জুন ২০২২ৰ পৰীক্ষাৰ তাৰিখ তথা প্ৰবেশ পত্ৰ মুকলি কৰিছে। এই পৰীক্ষাৰ পৰীক্ষাৰ্থী সকলে নেচনেল টেষ্টিং এজেঞ্চীৰ অফিচিয়েল ৱেবচাইট ugcnet.nta.nic.in যোগে নিজৰ প্ৰবেশ পত্ৰ সংগ্ৰহ কৰাৰ লগতে এই পৰীক্ষা সম্বন্ধীয়া অনন্য তথ্য সংগ্ৰহ যেনে, পৰীক্ষা কেন্দ্ৰ, তাৰিখ, সময় আদি কৰিব পাৰিব।

এই পৰীক্ষাৰ বাবে আবেদন দাখিল কৰা সকলো পৰীক্ষাৰ্থীৰ পৰীক্ষা কেন্দ্ৰ তথা সময় আৰু তাৰিখ ভিন্ন হ'ব। প্ৰবেশ পৰীক্ষাত উল্লেখিত কৰা কেন্দ্ৰৰ বাহিৰে আন কেন্দ্ৰত তেওঁলোকক পৰীক্ষা দিবৰ বাবে মঞ্জুৰী প্ৰদান কৰা নহ'ব।

নেচনেল টেষ্টিং এজেঞ্চীয়ে মুকলি কৰা অনুসৰি ৰাষ্ট্ৰীয় শিক্ষক অৰ্হতা পৰীক্ষাৰ তাৰিখ সমূহ :

• ২০/১১/২০২১

• ২১/১১/২০২১

• ২২/১১/২০২১

• ২৪/১১/২০২১

• ২৫/১১/২০২১

• ২৬/১১/২০২১

• ২৯/১১/২০২১

• ১/১২/২০২১

• ৩/১২/২০২১

• ৪/১২/২০২১

• ৫/১২/২০২১

নেচনেল টেষ্টিং এজেঞ্চীৰ দ্বাৰা এই পৰীক্ষা অনুস্থিত কৰা হয় সহকাৰী অধ্যাপক আৰু জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ পদৰ বাবে। এই পৰীক্ষা অনুস্থিত কৰা হ'ব কম্পিউটাৰ প্ৰক্ৰিয়াৰে, য'ত পৰীক্ষাৰ্থী সকলে কম্পিউটাৰৰ সহায়ত নিজৰ পৰীক্ষা সমূহ সমাপন কৰিব। সদ্যহতে নেচনেল টেষ্টিং এজেঞ্চীটোৱে প্ৰথম দুটি দিনত পৰীক্ষাৰ বাবে বহিব লগীয়া পৰীক্ষাৰ্থীৰ বাবে অৰ্থাৎ তাৰিখ ২০/১১/২০২১ আৰু ২১/১১/২০২১ তাৰিখৰ কাৰণে প্ৰবেশ পত্ৰ মুকলি কৰিছে।

পৰীক্ষাৰ্থী সকলে পৰীক্ষাৰ ২ঘণ্টা সময়ৰ আগেয়ে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'ব লাগিব, যাতে পৰীক্ষা কৰ্তৃপক্ষই বিনা কোনো দ্বিধাই সকলো পৰীক্ষা সম্বন্ধীয় নিয়মাৱলী সুকলমে সমাপন কৰিব পাৰে।

ৰাষ্ট্ৰীয় শিক্ষক অৰ্হতা পৰীক্ষাৰ প্ৰবেশ পত্ৰ সমূহ ডাউনলোড কৰাৰ প্ৰক্ৰিয়া :

• নেচনেল টেষ্টিং এজেঞ্চীৰ অফিচিয়েল ৱেবচাইট https://ugcnet.nta.nic.in বা www.nta.ac.in খোলক

• এতিয়া ৱেবচাইটৰ হোম পেজত গৈ 'Download Admit Card for UGC NET December 2020 and June 2021 cycles' ক্লিক কৰক

• স্ক্ৰীনত এখন নতুন লগ ইন পেজ খোল খাব

• প্ৰয়োজনীয় তথ্য সমূহ পূৰণ কৰি লগ ইন কৰক

• ডাউনলোড লিংকত ক্লিক কৰক প্ৰবেশ পত্ৰ ডাউনলোড কৰক

• প্ৰবেশ পত্ৰৰ এখন প্ৰতিলিপি প্ৰিণ্ট আউট কৰক