শীৰ্ষ বাতৰি

আমেৰিকাত আতংকৰ সৃষ্টি কৰিছে বিশাল চীনা বেলুনে

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়েও এই ঘটনাৰ বিষয়ে মন্তব্য কৰে আৰু পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে।

Sentinel Digital Desk

ৱাশ্বিংটনঃ কেইবাবিধো সঁজুলিৰে ভৰ্তি বুলি কোৱা চীন মূলৰ এটা বিশাল বেলুন আমেৰিকাৰ ওপৰেৰে পাৰ হোৱাৰ সম্ভাৱনা আছে আৰু শুকুৰবাৰে এই বেলুনত চোৰাংচোৱাগিৰিৰ সঁজুলি থকাৰ সন্দৰ্ভত পেন্টাগনে উদ্বেগ প্ৰকাশ কৰিছে। বাতৰি অনুসৰি এই বেলুনটো আকাৰত বিশাল আৰু ই পেন্টাগনক উন্মাদনাত পেলাইছে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে বিদেশ সচিব এণ্টনি ব্লিকেনে শুকুৰবাৰৰ পৰা আৰম্ভ হ'বলগীয়া বেইজিং ভ্ৰমণ বাতিল কৰিছে। কেইবাবছৰৰ বিৰতিৰ পিছত আমেৰিকাৰ এজন শীৰ্ষ কূটনীতিবিদৰ এইটোৱেই প্ৰথম চীন ভ্ৰমণ হোৱাৰ কথা আছিল