শীৰ্ষ বাতৰি

"মই জীয়াই আছোঁ"ঃ দুৰ্ঘটনাত মৃত বুলি প্ৰচাৰ হোৱা ছানিয়া আখটাৰাই ক'লে

Sentinel Digital Desk

দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অধীনৰ বেছিমাৰিত অলপতে সংঘটিত হোৱা হৃদয়বিদাৰক দুৰ্ঘটনাই লৈছে এক নাটকীয় পৰিৱৰ্তন। স্থানীয় একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে এই দূৰ্ঘটনাত মৃত ঘোষণা কৰা হৈছিল ছানিয়া আখটাৰা নামৰ এগৰাকী ইউটিউবাৰক। কিন্তু শেহতীয়াকৈ তথ্য অনুসৰি  জীৱন্ত অৱস্থাত আছে ইউটিউবাৰ গৰাকী।

উল্লেখযোগ্য যে দুৰ্ঘটনাটোত এটি শিশুসহ ৫গৰাকী ব্যক্তিয়ে প্ৰাণ  হেৰুৱায় আৰু আন ৩ গৰাকী গুৰুতৰভাবে আহত হয়। আহতকেইজন সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে। 

এই দুৰ্ঘটনাৰ পাছতেই মৃত ঘোষণা কৰা ছানিয়া আখটাৰা নামৰ ইউটিউবাৰগৰাকীয়ে জীৱন্ত থকাৰ কথা প্ৰকাশ কৰিছে। তেওঁক মৃতক ঘোষণা কৰা এই ভুৱা বাতৰি প্ৰচাৰ পোৱাৰ পাছতেই অতি হতাশাত ভোগে তেওঁ আৰু তেওঁৰ পৰিয়াল। এই বাতৰি ভাইৰেল হোৱাত মানসিক চাপত ভুগিছিল ইউটিউবাৰ গৰাকী। ছানিয়াৰ পৰিয়ালে তেওঁৰ নাম এই দূৰ্ঘটনাত পুনৰ এবাৰ নাসাঙুৰিবলৈ অনুৰোধ জনাইছে।

এই দুৰ্ঘটনা সংঘটিত হয় বেছিমাৰীত। মঙ্গলদৈ অভিমুখী এখন ছুইফট ডিজায়াৰ গাড়ীয়ে  বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰাকত খুন্দা মৰাত সংঘটিত হয় দুৰ্ঘটনাটো। 

তথ্য অনুসৰি ইউটিউবৰ বাবে এটি ভিডিঅ' ৰ চিত্ৰগ্ৰহণ সমাপন কৰি ঘূৰি অহাৰ পথত সংঘটিত হয় এই ঘটনা। আঘাতপ্ৰাপ্ত লোক কেইজনক প্ৰথমে মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিওঁ পৰবৰ্তী সময়ত গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতাল লৈ প্ৰেৰণ কৰা হয়। বৰ্তমান গোটেই কেইগৰাকী অৱস্থা সংকটজনক।