শীৰ্ষ বাতৰি

কোকৰাঝাৰত পানী ব্যবস্থাপনাৰ সহযোগিতাক লৈ ভাৰত, ভূটানৰ আলোচনা

Sentinel Digital Desk

বৃহস্পতিবাৰ আৰু শুকুৰবাৰে কোকৰাঝাৰত পানী ব্যবস্থাপনাৰ সহযোগিতাক লৈ ভাৰত, ভূটানৰ মাজত আলোচনা অনুষ্ঠিত হ'য়। এই অনুষ্ঠানৰ আয়োজন কৰে ভাৰত এন জি অ- এন ই আৰ এচ ডব্লিউ এন ফাউণ্ডেশ্যন ( NERSWN Foundation) , এ এ আৰ এ এন ৱাই এ কে (AARANYAK) আৰু অ এক্স এফ এ এম (OXFAM) আৰু ভূটানৰ টি আৰ অ এচ এ (TROSA) , স্বেডেন চেভেজ আৰু ভূটান ট্ৰেনচপেৰেঞ্চি ইনিচিয়েটিভে ।

এই অনুষ্ঠানত ভূটানৰ প্ৰাক্তন মন্ত্ৰী, প্ৰধানমন্ত্ৰী আৰু অধক্ষ্য ডঃ কিনজাঙ দৰজি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে । লগতে উপস্থিত থাকে ভূটান মেডিয়া ফাউণ্ডেশ্যনৰ মূখ্য সদস্য সকল , ভূটানৰ কুৱেনচেলৰ সম্পাদক , ভাৰত -ভূটান ফ্ৰেণ্ডশ্বিপ এচচিয়েছনৰ সদস্য , বি চি চি আই এণ্ড বি টি আই গেলেফু আৰু তাৰায়ানা( TARAYANA) ফাউণ্ডেশ্যনৰ সদস্য সকলৰ লগতে ভাৰতীয় কাউণ্টাৰপাৰ্টচ, বহুতো স্বেচ্ছাসেৱী সংগঠনৰ সদস্য, বিশেষজ্ঞ, বিজ্ঞ , আৰু বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে ।

দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা , The opinion- Bihungthi ৰ সম্পাদক প্ৰতিভা ব্ৰহ্মা আৰু NERSWN এন জি অ ৰ অধক্ষ্য ৰাজু কৰ নাৰ্জাৰিয়ে সকলোকে আদৰণি জনায়। কোকৰাঝাৰৰ জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰে এই অনুষ্ঠানৰ উদ্বোধন কৰে ।

লগতে ভাৰত - ভূটানৰ এই আলোচনাত বহুতো অসামৰিক লোকে অংশগ্ৰহন কৰে । BIFA ৰ প্ৰাক্তন সাধাৰণ সম্পাদক , উজ্ঞান ৰাবটেন , তেছি তেনজিন, প্ৰগ্ৰেম অফিচাৰ, নেডান ফাউণ্ডেশ্যনৰ ডিগম্বৰ নাৰ্জাৰি, ডঃ পাৰ্থ জে দাসে পেপাৰ প্ৰকাশ কৰে ।

ভাৰত-ভূটানৰ জল ব্যৱস্থাপনা ক্ষেত্ৰত থকা ভাবুকি সমূহৰ ওপৰত আলোচনা কৰা হয় । ডঃ কিনজাঙ দৰজিৰ লগতে ডঃ নীৰা শ্ৰেষ্ঠা, ICIMOD, কোকৰাঝাৰ জল সম্পদ বিভাগৰ মুখ্য অতিৰিক্ত অভিযন্তা ইন্দ্ৰজিৎ কাউল আৰু OXPAM ৰ অনিমেষ প্ৰকাশে তেওঁলোক পেপাৰ জমা দিয়ে।শুকুৰবাৰে The opinion- bibungthi ৰ সম্পাদক প্ৰতিভা ব্ৰহ্ম , দ্যা এ এন টিৰ জেনিফাৰ লিয়াঙ, পাৰডেন ওৱাঙমু, ভূটানৰ তাৰায়ানা ফাউণ্ডেশ্যনৰ প্ৰগেম অফিচাৰ , সমাজসেৱী পদ্মিনী ব্ৰহ্ময়ে ভাৰত-ভূটান সহযোগিতা মহিলাৰ নেতৃত্বৰ ওপৰত ভাষন প্ৰদান কৰে । এই অনুষ্ঠানতে ভাৰত-ভূটান সম্পৰ্কৰ ওপৰতো আলোচনা কৰে।

এই অনুষ্ঠানৰ আয়োজন কৰে ভাৰত এন জি অ- এন ই আৰ এচ ডব্লিউ এন ফাউণ্ডেশ্যন ( NERSWN Foundation) , এ এ আৰ এ এন ৱাই এ কে (AARANYAK) আৰু অ এক্স এফ এ এম (OXFAM) আৰু ভূটানৰ টি আৰ অ এচ এ (TROSA) , স্বেডেন চেভেজ আৰু ভূটান ট্ৰেনচপেৰেঞ্চি ইনিচিয়েটিভে ।