শীৰ্ষ বাতৰি

ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যপদ লাভ ভাৰতৰ

Sentinel Digital Desk

প্ৰতিৱেশী কমিউনিষ্ট দেশ চীনৰে সম্পৰ্ক তিক্ত হৈ উঠাৰ সময়তে ভাৰতে ৰাষ্ট্ৰ সংঘৰ অন্যতম প্ৰধান অংগ নিৰাপত্তা পৰিযদৰ অস্থায়ী সদস্য পদ লাভ কৰিছে ৷ এছিয়া-মহাসাগৰীয় অঞ্চলৰ দেশৰ বাবে থকা ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য পদৰ আসনত ভাৰত উপৱিষ্ট হৈছে। ইয়াৰ বাবে এক নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনত ভাৰতে মুঠ ১৯৩টা ভোটৰ ১৮৩টা লাভ কৰে ৷ এই ক্ষেত্ৰত জয়ী হোৱাৰ বাবে ১২৮টা ভোট লাভ কৰাটো বাধ্যতামূলক ৷ ভাৰতৰ সৈতে এইবাৰ ৰাষ্ট্ৰ সংঘৰ এই পৰিষদৰ অস্থায়ী সদস্য পদ লাভ কৰিছে ক্ৰমে আয়াৰলেণ্ড, মেক্সিকো আৰু নৰৱেই । ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যপদৰ কাৰ্যকাল দুবছৰীয়া ।ইয়াৰ পূৰ্বে ভাৰতে ১৯৫০-৫১, ১৯৬৭-৬৮, ১৯৭২-৭৩, ১৯৭৭-৭৮, ১৯৮৪-৮৫, ১৯৯১-৯২ আৰু ২০১১-১২ত ৰাষ্ট্ৰ সংঘৰ এই পৰিষদৰ অস্থায়ী সদস্য ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ ইয়াৰ অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা ১৫খন ৷ তদুপৰি ইয়াৰ পাঁচখন স্থায়ী সদস্য ৰাষ্ট্ৰও আছে ৷ কালি ফলাফল ঘোষণাৰ পাছত এটা টুইটত ৰাষ্ট্ৰ সংঘস্থিত ভাৰতৰ স্থায়ী প্ৰতিনিধি টি এছ ত্ৰিমূৰ্তিয়ে কয়, " আমি ব্যাপক সমৰ্থন লাভ কৰিলো। আমাৰ ওপৰত সকলোৱে ৰখা আস্থাই আমাক অভিভুত কৰিছে।"

উল্লেখ্য যে ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীৰ প্ৰাদুৰ্ভাৱ ঘটাৰ পাছত যোৱা ১৫মাৰ্চৰ পৰা ৰাষ্ট্ৰ সংঘৰ নিউয়ৰ্কস্থিত মুখ্য কাৰ্যালয় বন্ধ আছিল ।ইয়াৰ পাছত কালি বুধবাৰে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰ সংঘৰ মুখ্য কাৰ্যালয় খোলা হয় ৷