শীৰ্ষ বাতৰি

অপাৰেচন সমুদ্ৰ সেঁতুঃ তলাবন্ধত ইৰানত আবদ্ধ ভাৰতীয় লোকক উদ্ধাৰ অভিযান

Sentinel Digital Desk

অপাৰেচন সমুদ্ৰ সেঁতুঃ তলাবন্ধত ইৰানত আবদ্ধ ভাৰতীয় লোকক উদ্ধাৰ অভিযান আৰম্ভ

ক'ৰ'না মহামাৰীঅপাৰেচন প্ৰতিৰোধৰ উদ্দেশ্যে তলাবন্ধ ঘোষণা কৰাৰ ফলত বিশ্বৰ কে'বাখনো দেশৰ লগতে ইৰানতো আবদ্ধ হৈ পৰে বহু ভাৰতীয় লোক ৷ শেহতীয়াভাবে কুৱেইট, ৰাছিয়াৰ মস্কো আৰু ইউক্ৰেইনত আবদ্ধ ভাৰতীয় লোকক বিশেষ বিমানেৰে উদ্ধাৰ কৰাৰ পাছত ইৰানত আবদ্ধ ভাৰতীয় লোকক উদ্ধাৰ কৰিছে ভাৰত চৰকাৰে ৷ চৰকাৰী তথ্য অনুসৰি সমুদ্ৰ সেঁতু অভিযানৰ অংশস্বৰুপে ভাৰতীয় নৌ সেনাৰ বিশেষ জাহাজেৰে পাৰস্য উপসাগৰীয় ইছলামিক দেশখনত আবদ্ধ এইসকল ভাৰতীয় লোকক উদ্ধাৰ কৰা হ'ব ৷ এই ভাৰতীয় লোকসকলক ইৰানৰ আব্বাছ সাগৰীয় বন্দৰৰ পৰা নৌ-সেনাৰ শৰদুল জাহাজে উদ্ধাৰ কৰিব ৷ তেওঁলোকৰ গুজৰাটৰ পোৰবন্দৰলৈ অনা হ'ব ৷ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইৰানত আবদ্ধ ভাৰতীয় লোকসকলৰ তালিকা প্ৰস্তুত কৰিছে তেহৰানস্থিত ভাৰতীয় দূতাবাসে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে শ্ৰীলংকা আৰু মালদ্বীপত আবদ্ধ ২, ৮৭৪জন ভাৰতীয় লোকক উদ্ধাৰ কৰা হয় ৷ এইসকল লোকক উদ্ধাৰ কৰা সময়ত গ্ৰহণ কৰা ব্যৱস্থাৰ লেখীয়াকৈ ইৰানত আবদ্ধ লোকসকলৰ ক্ষেত্ৰটো জাহাজৰ ভিতৰত সামাজিক দূৰত্ব বজাই ৰখাৰ নিয়ম পালন আখৰে আখৰে কৰা হ'ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে ৷