শীৰ্ষ বাতৰি

তলাবন্ধৰ সময়তে আধৰুৱা মেৰামতিৰ কাম সম্পন্ন ৰেলৱেৰ

Sentinel Digital Desk

তলাবন্ধৰ সময়তে আধৰুৱা মেৰামতিৰ কাম সম্পন্ন ৰেলৱেৰ

আধৰুৱা মেৰামতিৰ কাম পুনৰ আৰম্ভ কৰিছে ভাৰতীয় ৰেলৱেই ৷ ৰেলৱে সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰেলৱে য়াৰ্ডৰ পুনৰ মডেলিং বা নতুনকৈ সজ্জাকৰণ, ৰেলৱে দলঙৰ পুনৰ মেৰামতি আদি কাম আধৰুৱা হৈ আছিল। তলাবন্ধৰ সময়ছোৱাত এই আধৰুৱা মেৰামতিৰ কামসমূহ সম্পন্ন কৰে ৰেলৱেই৷ বিভিন্ন কাৰণত আৰু চৰকাৰী ৰঙা ফিটাৰ মেৰপেচত এনে বহু মেৰামতিৰ কাম বহু বছৰ ধৰি অসম্পূৰ্ণ হৈ আছিল। তলাবন্ধৰ সময়ছোৱাত ৰেলৱেই এই অসম্পূৰ্ণ মেৰামতিৰ কাম সম্পন্ন কৰে ৷ উল্লেখ্য যে ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে দেশজোৰা তলাবন্ধ ঘোষণা কৰাৰ পাছতে ৰেলৱেই যাত্ৰীবাহী ৰেলৰ চলাচল বাতিল কৰে ৷ অৱশ্যে এই সময়ছোৱাতো মালবাহী আৰু পাৰ্চেল ৰেলৰ চলাচল অব্যাহত আছে ৷ ইয়াৰ মাজতে ৰেলৱেই আধৰুৱা মেৰামতিৰ কাম সম্পন্ন কৰিছে। এনে মেৰামতিয়ে ৰেলপথকো সামৰি লৈছে ৷