শীৰ্ষ বাতৰি

ভাৰতত প্ৰথমটো অনলাইন গেমিং চেণ্টাৰ

২০২৩ চনৰ মাৰ্চ মাহৰ ভিতৰত নিৰ্মাণ কৰা হ’ব নতুন কেন্দ্ৰটো

Sentinel Digital Desk

শ্বিলং: কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে শুকুৰবাৰে শ্বিলঙত ভাৰতত প্ৰথমটো অনলাইন গেমিং চেণ্টাৰ স্থাপন কৰাৰ ঘোষণা কৰে।

২০২৩ চনৰ মাৰ্চ মাহৰ ভিতৰত নিৰ্মাণ হ'ব এই কেন্দ্ৰ।উত্তৰ-পূব ভাৰতত প্ৰথমটো অনলাইন গেমিং চেণ্টাৰ নিৰ্মাণৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি বিভাগে ৰাজহুৱা পৰ্যালোচনাৰ বাবে অনলাইন গেমিংৰ ওপৰত ভিত্তি কৰি ২০২১ চনৰ আই টি নিয়মৰ খচৰা সংশোধনী আগবঢ়াইছে।