শীৰ্ষ বাতৰি

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰজ্জু পথ মুকলি

Sentinel Digital Desk

অৱশেষত গুৱাহাটীত মুকলি হ'ল দেশৰে দীৰ্ঘতম ৰজ্জু পথ(ৰ'প ৱে)। গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ৰজ্জু পথ আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্ষই যুটীয়াভাবে মুকলি কৰে। মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত এই ৰজ্জু পথেৰে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ বা উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ অহা-যোৱা কৰোঁতে সাত মিনিট সময়ৰ প্ৰয়োজন হ'ব। এই ৰজ্জু পথ মুকলিৰ লগে লগে যান-জঁট হ্ৰাস পাব বুলি আশা কৰা হৈছে।

এই ৰজ্জু পথৰ মুঠ দূৰত্ব দুই কিলোমিটাৰ। যাত্ৰীৰ বাবে ছুইজাৰলেণ্ডৰ পৰা কেবিন অনা হৈছে। আনহাতে এই ৰজ্জু পথ অসমবাসীলৈ উতসৰ্গা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱালে। এটা টুইটত মুখ্যমন্ত্ৰীয়ে কয়, " উমানন্দৰ আশীৰ্বাদত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ৰজ্জু পথ অসমবাসীলৈ উতসৰ্গা কৰিছো। এই ৰজ্জু পথে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাতায়াতৰ সময় হ্ৰাস কৰাৰ লগতে যাত্ৰীসকলক ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰাৰ সুযোগ পাব।