শীৰ্ষ বাতৰি

ক'ৰ'নাঃ নীতি-নিয়ম উলংঘাই আক্ৰান্তৰ সংখ্যা বৃদ্ধি কৰিছে

Sentinel Digital Desk

ক্ৰমাৎ অসমত ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি অতি জটিল হৈছে ৷ ক'ৰ'না আক্ৰান্ত বা পজিটিভিটিৰ হাৰ ৭শতাংশলৈ বৃদ্ধি পাইছে ৷ মূলতঃ বহু লোকৰ অসচেতনতা বা মইমতালিয়ে পৰিস্থিতি জটিল কৰি তুলিছে ৷ চৰকাৰী-বেচৰকাৰী সজাগতামূলক প্ৰচাৰলৈ কৰ্ণপাত নকৰি ৰাজহুৱা স্থানত বহুলোকে অবাধে ক'ৰ'না প্ৰতিৰোধৰ নীতি-নিয়ম উলংঘা কৰিছে ৷

চলিত মাহত ৰাজ্যত ক'ৰ'না পজিটিভিটিৰ হাৰ ৭ শতাংশ হৈছে ৷ যোৱা আগষ্টত এই হাৰ ৫ শতাংশ আছিল ৷ পৰিস্থিতি কেনে উদ্বেগজনক হৈছে সেয়া চলিত মাহৰ প্ৰথম পাঁচদিনৰ ক'ৰ'না আক্ৰান্তৰ পৰিসংখ্যা লক্ষ্য কৰিলেই বুজিব পাৰি। এই পাঁচটা দিনত ১৪, ৮৮২জন ক'ৰ'না পজিটিভ ধৰা পৰে ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ১ ছেপ্টেম্বৰত ২, ৬৮৪জন ক'ৰ'না পজিটিভ চিনাক্ত কৰা হয়। ফলত উক্ত দিনা পজিটিভিটিৰ হাৰ ৭.৪৪ শতাংশ হয়গৈ। অৱশ্যে তিনি ছেপ্টেম্বৰত পজিটিভিটিৰ হাৰ ৬.২৫ শতাংশলৈ হ্ৰাস পায়। কিন্তু চাৰি ছেপ্টেম্টৰত পজিটিভিটিৰ হাৰ ৭.৩৪ শতাংশলৈ বৃদ্ধি পায়। ইয়াৰ কাৰণৰূপে চিহ্নিত হৈছে বহু লোকে ৰাজহুৱা স্থানত সামাজিক দূৰত্ব মানি নচলা, মাস্ক পৰিধান নকৰা আদি।