শীৰ্ষ বাতৰি

অসমৰ বানাক্ৰান্তৰ বাবে ১ লাখ টকা সংগ্ৰহ ইউটিউবাৰ ইংগলিছ মেকাৰৰ

Sentinel Digital Desk

ৰাজ্যৰ বানাক্ৰান্তক সহায়ৰ বাবে খ্যাত-অখ্যাত বহুজন আগবাঢ়ি অহাৰ পাছত এইবাৰ আৰ্তজনৰ কাষত থিয় দিছে জনপ্ৰিয় ইউটিবাৰ ইংগলিছ মেকাৰে। প্ৰাপ্ত তথ্য অনুসৰি ইউটিবাৰজনে অসমৰ বানাক্ৰান্তৰ বাবে ১ লাখ টকা সংগ্ৰহ কৰিছে। বানাক্ৰান্তৰ সাহায্যৰ বাবে জনপ্ৰিয়জন ইউটিবাৰজনে এইদৰে আগবাঢ়ি অহাত তেওঁক বহুজনে প্ৰশংসাৰে ওপচাই পেলাইছে। বান দুৰ্গতক সাহায্য আগবঢ়াবলৈ ইউটিউবাৰ ইংগলিছ মেকাৰে কিছুদিন পূৰ্বে তেওঁৰ ইউটিউব চেনেলত এটা ভি-লগ মুকলি কৰে। ইয়াৰ জৰিয়তে তেওঁ ১ লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

টুইটাৰত এই কথা সদৰী কৰি তেওঁ কয় যে বানত ক্ষতিগ্ৰস্ত লোকক যিসকল লোক চৰকাৰী সাহায্যই ঢুকি পোৱা নাই, সেই সকল লোকক এই সাহায্যৰ ধন প্ৰদান কৰা হ'ব। উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাজ্যৰ আন এজন বিখ্যাত ইউটিউবাৰ ডিম্পু বৰুৱাই বানাক্ৰান্তৰ বাবে ৪৩ হেজাৰ টকা সংগ্ৰহ কৰে।