শীৰ্ষ বাতৰি

অসমত জাপানীজ এনকেফেলাইটিছ (জে ই)ৰ ফলত আৰু ৩ জন লোকৰ মৃত্যু

জাপানীজ এনকেফেলাইটিছ (জে ই)ত শুকুৰবাৰে ৰাজ্যখনত আৰু তিনিজন লোকৰ মৃত্যু, বিভিন্ন স্থানৰ পৰা নতুনকৈ ৬ গৰাকী লোক আক্ৰান্ত । এই মৃত্যুৰ লগে লগে এই ছিজনত জে ইৰ বাবে ৰাজ্যখনত সামগ্ৰিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি পাইছে।

Sentinel Digital Desk

গুৱাহাটীঃ জাপানীজ এনকেফেলাইটিছ (জে ই)ত শুকুৰবাৰে ৰাজ্যখনত আৰু তিনিজন লোকৰ প্ৰাণহানি ঘটিছে, আনকি বিভিন্ন স্থানৰ পৰা ৬ গৰাকী নতুনকৈ আক্ৰান্ত হোৱাত। এই সকলৰ মৃত্যুৰ লগে লগে এই ছিজনত জে ইৰ বাবে ৰাজ্যত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৬০ জনলৈ বৃদ্ধি পাইছে।তিনচুকীয়া, ডিমা হাচাও আৰু দৰং জিলাৰ পৰা এজনকৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

আনহাতে, সামগ্ৰিকভাৱে জাপানীজ এনকেফেলাইটিছৰ ৰোগীৰ সংখ্যা ৩৩৫ লৈ বৃদ্ধি পাইছে।

নতুনকৈ আক্রান্ত হোৱা ৬ জনৰ ভিতৰত মৰিগাঁও জিলাৰ দুজন আৰু বঙাইগাঁও, দৰং, ডিমা হাচাও আৰু কামৰূপ জিলাৰ পৰা এজনকৈ ক'ৰোনাত আক্রান্ত হৈছে৷

অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী কেশৱ মহন্তই জনাইছিল যে, বিভিন্ন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বাহিৰেও জিলা অসামৰিক চিকিৎসালয়সমূহতো জে ই ৰোগীৰ চিকিৎসা আৰম্ভ কৰা হৈছে৷