শীৰ্ষ বাতৰি

পুনৰ বিজেপিলৈ মন মেলিছে অভিনেতা যতীন বৰাই !

Sentinel Digital Desk

ৰাজ্যিক কৃষি বিভাগে জনপ্ৰিয় শিল্পী জুবীন গাৰ্গক ব্ৰেণ্ড এম্বেছাডৰ নিযুক্তি দিয়াক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আন এজন 'কা'-বিৰোধী আন্দোলনৰ নেতাই বিজেপিত যোগদানৰ বাবে উদগ্ৰীৱ হৈ পৰা বুলি চৰ্চা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিজেপি দল ত্যাগ কৰা জনপ্ৰিয় অভিনেতা যতীন বৰাই পুনৰ বিজেপিমুখী হোৱাৰ চেষ্টা চলাইছে। একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অভিনেতা বৰাই ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাষ চাপি নিজৰ ভুল স্বীকাৰ কৰিছে৷

তদুপৰি বহুকেইজন মন্ত্ৰীৰ কাষ চাপিও দললৈ ঘূৰি অহাৰ ইচ্ছা প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে ৷ ইতিমধ্যে তেওঁ ৰাজ্যিক বিজেপি নেতৃত্বৰ সেউজ সংকেত লাভ কৰিবলৈ সক্ষম হৈছে। বৰাই শেহতীয়াকৈ টীম ৰণজিৎ দাসকো অভিনন্দন জনাইছিল ৷ আনহাতে, বিজেপিৰ এক সূত্ৰই জনোৱা মতে, ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ পৰামৰ্শৰ ভিত্তিত শীঘ্ৰেই এখন সংবাদমেল সম্বোধন কৰি নিজৰ ভুল স্বীকাৰ কৰি বিজেপিত পুনৰ যোগদান কৰিব অভিনেতা বৰাই ৷

কেৱল যতীন বৰাই নহয়, পূব অসমৰ বহুকেইজন কা-বিৰোধী সংগঠনৰ নেতাই যোগ দিব বিজেপিত ৷