শীৰ্ষ বাতৰি

বন্দে ভাৰত মিছনঃ কুৱেইটৰ পৰা গুৱাহাটীত উপস্থিত ১৫৫ভাৰতীয়

Sentinel Digital Desk

বন্দে ভাৰত মিছনঃ কুৱেইটৰ পৰা গুৱাহাটীত উপস্থিত ১৫৫ভাৰতীয়

তলাবন্ধৰ ফলত কুৱেইটত আবদ্ধ ১৫৫গৰাকী ভাৰতীয় অৱশেষত গৃহভূমিত উপস্থিত হ'ল ৷ আজি জাজিৰা বিমান সংস্থাৰ এখন বিমানত উঠি এই ভাৰতীয় নাগৰিকসকল গুৱাহাটীত উপস্থিত হয় ৷ এই বিমান নৰেন্দ্ৰ মোদী চৰকাৰৰ অভিলাসী বন্দে ভাৰত মিছনৰ অধীনত চলোৱা হৈছে ৷ অহা পাঁচ জুনলৈকে এনে তিনিখন বিমানে বিদেশৰ ভূমিত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকক গৃহভূমিলৈ আনিব ৷ উল্লেখ্য যে প্ৰায় বিশ্বজুৰি ক'ৰ'না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাব ঘটাত প্ৰায় সকলো দেশে আন্তৰ্জাতিক যাত্ৰীবাহী বিমান সেৱা বাতিল কৰে ৷ ভাৰততো যাত্ৰীবাহী বিমান সেৱা সম্পূৰ্ণৰুপে বাতিল কৰা হয় যদিও যোৱা ২৫ম'ৰ দেশৰ ভিতৰত যাত্ৰীবাহী বিমানে চলাচল কৰিছে ৷ ইপিনে, বিশ্বত ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা লোকৰ সংখ্যা নিতৌ বৃদ্ধি পাই আছে ৷