শীৰ্ষ বাতৰি

ৰাজ্যৰ বান সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগৰূপে ঘোষণাৰ দাবী অৰ্ণব গোস্বামীৰ

Sentinel Digital Desk

প্ৰতিবছৰে অসমক জুৰুলা কৰি অহা বান সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগৰূপে ঘোষণাৰ দাবী উত্থাপন কৰিছে অসম সন্তান দেশৰ প্ৰখ্যাত সাংবাদিক অৰ্ণৱ গোস্বামীয়ে। অলপতে ৰিপাব্লিক টিভিৰ এক অনুষ্ঠানত সাংবাদিক গোস্বামীয়ে এই আহ্বান জনাই কয়, " অসমত বানে বিস্তৰ ধ্বংসলীলা চলাই আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে অসমৰ বান দুৰ্যোগক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰা উচিত। কাৰণ প্ৰতিবছৰে মানুহে দুৰ্ভোগ ভুগি আহিছে"।

গোস্বামীয়ে কয় যে ১৯৮৫ৰ অসম চুক্তিতে ৰাজ্যৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ প্ৰতিশ্ৰুতি আছিল।ভাৰত চৰকাৰে ২০১৮ত কেৰালাৰ বান দুৰ্যোগক ৰাষ্ট্ৰীয়ৰূপে স্বীকৃতি প্ৰদান কৰাটো সঠিক আছিল। কিন্তু অসমৰ বান সমস্যাৰ ক্ষেত্ৰত এনে ব্যৱস্থা কিয় লোৱা নাই বুলি তেওঁ প্ৰশ্ন কৰে। উল্লেখ্য যে ৰাজ্যৰ বান সমস্যা সমাধানৰ বাবে কিছুদিন পূৰ্বে নিখিল বড়ো ছাত্ৰ সন্থাই ১০ হেজাৰ কোটি টকা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়।