শীৰ্ষ বাতৰি

আই এছ বি টিত কামৰূপ(ম) প্ৰশাসন-আৰক্ষীৰ যৌথ তালাচীঃ নৈশ বাছত নিৰীক্ষণ

Sentinel Digital Desk

কামৰূপ( মহানগৰ) জিলা প্ৰশাসন আৰু আৰক্ষীয়ে যোৱা নিশা গুৱাহাটীৰ আন্তঃৰাজ্যিক বাছ আস্থান (আই এছ বি টি)-ত যৌথভাবে তালাচী চলায়। এই তালাচীৰ সময়ত প্ৰশাসন আৰু আৰক্ষীৰ দলে নৈশ বাছসমূহ নিৰীক্ষণ কৰে। নৈশ বাছত লাইট আৰু তেনে ধৰণৰ সামগ্ৰী আছেনে নাই সেয়া নিৰীক্ষণ কৰে দলটোৱে। পথত কুঁৱলীৰ পৰিপ্ৰেক্ষিতত প্ৰশাসন আৰু আৰক্ষীৰ দলটোৱে নৈশ বাছসমূহক লাইট আৰু অন্যান্য সঁজুলি ৰাখিবলৈ নিৰ্দেশ দিয়ে।

অসমত শীতকালিৰ পথ দুৰ্ঘটনাৰ অন্যতম কাৰণ হৈছে কুঁৱলী। আনহাতে, বাছত মালবস্তু আৰু সামগ্ৰী নিব নোৱাৰি। ই হৈছে একপ্ৰকাৰৰ আইন উলংঘা। এই তালাচীৰ সময়ত আইন উলংঘাকাৰীৰ বিৰুদ্ধে ১১ টা গোচৰ ৰুজু কৰা হয়।

আনহাতে, গুৱাহাটীত দুচকীয়া বাহনৰ ক্ষেত্ৰত দুয়োজন আৰোহীয়ে হেলমেট পৰিধান কৰাৰ কটকটীয়া নিয়ম বলবত কৰা হৈছে। এই নিয়ম উলংঘাকাৰীক এহেজাৰ টকাৰ জৰিমণা বিহাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈও জিলা পৰিবহণ বিষয়াই নিৰ্দেশ জাৰি কৰি থৈছে। এই নিয়ম ১ ডিচেম্বৰৰ পৰা বলবত হৈছে।