শীৰ্ষ বাতৰি

তলাবন্ধৰ প্ৰাকক্ষণত গুৱাহাটীত কিছু শিথিলতা ঘোষণা কামৰূপ(ম)ৰ উপায়ুক্তৰ

Sentinel Digital Desk

ক'ৰ'না আক্ৰান্তৰ সংখ্যা তীব্ৰ গতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে অহা দেওবাৰে মাজনিশাৰ পৰা ১৪দিনৰ বাবে গুৱাহাটীত পুনৰ সম্পূৰ্ণ ল'ক-ডাউন বা তলাবন্ধ ঘোষণা কৰিছে ৷ এই তলাবন্ধ আৰম্ভ হোৱাৰ পূৰ্বে কামৰূপ(মহানগৰ)জিলা প্ৰশাসনে গুৱাহাটীৰ ৱাৰ্ড ভিত্তিক কিছু শিথিলতা প্ৰদান কৰিছে ।আজি জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৱাৰ্ড ভিত্তিক এই শিথিলতা ঘোষণা কৰে। উপায়ুক্ত পেগুৱে ঘোষণা কৰা অনুসৰি শনিবাৰ (২৭)জুন আৰু দেওবাৰ (২৮ জুন)-ৰে পুৱা ৮বজাৰ পৰা বিয়লি ৪ বজালৈ এই শিথিলতা উপলব্ধ হ'ব। এই শিথিলতা প্ৰদানৰ উদ্দেশ্য হৈছে গুৱাহাটীৰ বাসিন্দাসকলে যাতে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিব পাৰে আৰু জৰুৰী কাম-কাজ সম্পন্ন কৰিব পাৰে ৷ " ঘৰৰ ওচৰৰ বজাৰৰ পৰা বাসিন্দাসকলক অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ অনুৰোধ জনোৱা হ'ল ৷ বজাৰত জুম নাবান্ধিব আৰু সামাজিক দূৰত্ব বজাই ৰাখিব," উপায়ুক্তৰ নিৰ্দেশত এইদৰে কোৱা হৈছে ৷

ইয়াৰ পূৰ্বে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এনেধৰণৰ শিথিলতা ঘোষণা কৰে ৷ ইপিনে, আজি এখন সংবাদমেলত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত সম্প্ৰতি ক'ৰ'নাৰনমুনা পৰীক্ষাৰ সংখ্যা ৩.৫ লাখ হৈছে ৷