শীৰ্ষ বাতৰি

কংগনাৰ মুম্বাইৰ বাসভৱনত পৌৰ নিগমৰ হাঁতুৰি

অৱশ্যে পৌৰ নিগমৰ এই কাৰ্যৰ প্ৰতিবাদ জনাই অভিনেত্ৰীগৰাকী বম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৷

Sentinel Digital Desk

অবৈধভাবে নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰি আজি বীৰহান মুম্বাই পৌৰ নিগমে অভিনেত্ৰী কংগনা ৰানাৱটৰ কাৰ্যালয় তথা বাসভৱনত হাঁতুৰিৰ কোব সোধায় ৷ অনুমোদিত ধৰণেৰে কংগনাই তেওঁৰ মণিকৰ্ণিকা ফ্লিমছ কাৰ্যালয় তথা বাসভৱন নিৰ্মাণ নকৰাৰ অভিযোগত পৌৰ নিগমৰ বিষয়া-কৰ্মচাৰীৰ দলে আজি তেওঁৰ বাসভৱনত হাঁতুৰিৰ কোব সোধায় ৷ ইয়াৰ ফটো সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে। 

অৱশ্যে পৌৰ নিগমৰ এই কাৰ্যৰ প্ৰতিবাদ জনাই অভিনেত্ৰীগৰাকী বম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৷ তদুপৰি তেওঁ টুইটাৰটো পৌৰ নিগমৰ এই কাৰ্যক লৈ ক্ষোভ প্ৰকাশ কৰিছে ৷ ইয়াক ফেচিবাদৰ চূড়ান্ত নিদৰ্শন আখ্যা দি অভিনেত্ৰীগৰাকীয়ে কয় যে বলিউদে ফেচিবাদৰ স্বৰূপ দেখিবলৈ পালে ৷ তেওঁৰ মতে, মহাৰাষ্ট্ৰ চৰকাৰে ক'ৰ'না মহামাৰীৰ পৰিপ্ৰক্ষিতত অহা ৩০ছেপ্টেম্বৰলৈকে তেওঁৰ বাসভৱনত উচ্ছেদ অভিযান নচলাবলৈ নিৰ্দেশ জাৰি কৰি থৈছে ৷ উল্লেখ্য যে অভিনেতা সুশান্ত সিং ৰাজপুটৰ আত্মহত্যাক লৈ অভিনেত্ৰী কংগনা বিতৰ্কত আছে ৷ কেন্দ্ৰীয় চৰকাৰে তেওঁক 'ৱাই' শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰিছে ৷