শীৰ্ষ বাতৰি

আই আই টিলৈ বাছনি পেট্ৰ'ল পাম্পত সহায়কৰ কাম কৰা ব্যক্তিৰ কন্যা

আইআইটি কানপুৰত প্ৰৱেশ সুৰক্ষিত কৰি আৰ্যই আমাক গৌৰৱান্বিত কৰিছে : শ্ৰীকান্ত মাধৱ বৈদ্য

Sentinel Digital Desk

কেৰালাৰ এজন পেট্ৰ'ল পাম্প সহায়কৰ কন্যাই কাণপুৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজীত (আইআইটি) নামভৰ্তি কৰিছে। এই সন্মানীয় প্ৰতিষ্ঠানত যুৱতীগৰাকীৰ নামভৰ্তিৰ ভাল খবৰটো ইণ্ডিয়ান অইল কৰ্পোৰেচন (আইঅ'চি)ৰ অধ্যক্ষ শ্ৰীকান্ত মাধৱ বৈদ্যই ছ'চিয়েল মিডিয়াত বহু লোকক আনন্দিত কৰি শ্বেয়াৰ কৰিছে।

আৰ্য ৰাজাগোপালনৰ পিতৃয়ে যোৱা ১৫ বছৰ ধৰি পেট্ৰ'ল পাম্প সহায়কৰূপে কাম কৰি আছে। যুৱতীগৰাকীয়ে এমটেকৰ বাবে আইআইটি-কাণপুৰত স্থান লাভ কৰিছে।  যি এটা অনবদ্য সফলতা।

আইঅ'চিৰ অধ্যক্ষজনে টুইটাৰযোগে ৰাজাগোপালনৰ প্ৰেৰণাদায়ক কাহিনীটো আলোকপাত কৰে, পেট্ৰ'ল পাম্পত পিতৃৰ সৈতে যুৱতীগৰাকীয়ে এখন ফটো পোষ্ট কৰিছে । ৰাজাগোপালনে "আইআইটি কাণপুৰত প্ৰৱেশ সুৰক্ষিত কৰি আমাক গৌৰৱান্বিত কৰিছে" বুলি লিখি বৈদ্যই ভৱিষ্যতৰ বাবে যুৱতীগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

টুইটটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল আৰু ১৩,০০০ ৰো অধিক লোকে লাইক কৰিছে। পোষ্টটোৱে কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে ।

পুৰীয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে হৃদয়স্পৰ্শী কাহিনীটো ভাগ বতৰা কৰিছিল। তেওঁ লিখিছিল যে ৰাজাগোপালনে তেওঁৰ পিতৃৰবলগতে দেশৰ শক্তি খণ্ডৰ সৈতে জড়িত সকলো লোকক "অত্যন্ত গৌৰৱান্বিত" কৰি তুলিছিল। তেওঁ পিতৃ-কন্যাৰ যুৰীটোক "অনুকৰণীয়" বুলি অভিহিত কৰে আৰু কয় যে তেওঁলোক "উচ্চাকাংক্ষী নতুন ভাৰতৰ বাবে এক অনুপ্ৰেৰণা আৰু আদৰ্শ।"