শীৰ্ষ বাতৰি

মণিপুৰ ভূমিস্খলন: মৰিগাঁৱৰ ১৭ জন শ্ৰমিক সন্ধানহীন, এজন নিহত

Sentinel Digital Desk

গুৱাহাটীঃ ৩০ জুনত মণিপুৰৰ ননি জিলাৰ এটা ৰে'ল নিৰ্মাণ শিবিৰৰ ওচৰত সংঘটিত হোৱা এক বৃহৎ ভূমিস্খলনত অসমৰ মৰিগাঁৱৰ বাসিন্দা মুঠ ১৭ জন শ্ৰমিক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে।

খবৰ অনুসৰি, কমেও ৭ জন লোক নিহত হৈছিল আৰু ডজনৰো অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।

নিহত সাতজনৰ ভিতৰত এজন শ্ৰমিক আছিল, যাক ৩২ বছৰীয়া গোপাল ফুকন বুলি চিনাক্ত কৰা হৈছিল, আৰু তেওঁ অসমৰ বাসিন্দা আছিল।

সংকটজনক অৱস্থাত থকা প্ৰায় পাঁচজন অসম শ্ৰমিকক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

সন্ধানহীন শ্ৰমিকসকলক দীপাংকৰ বৰদলৈ (২৭), হনুমান কোঁৱৰ (৪৭), চানল কোঁৱৰ (৩০), উৎপল ফুকন (৪০), মমিন ডেকা ৰাজা (৪০), আকাশ ৰাম (২১),পল্লৱ লোৰাম (২২), দেৱোজিত ফুকন (২৩), বগ্যন্ত লোৰাম (৪০), ৰামু ফুকন (৩৫), কুশতালীৰ জুনতি বৰদলৈ (২৭) আৰু লৌভুৰুঙ্গাৰ হৰমোহন ডেকা (৩০)বুলি চিনাক্ত কৰা হৈছে। 

আনহাতে, চিকিৎসা পৰ্যৱেক্ষণৰ অধীনত ৰখা শ্ৰমিকসকলক প্ৰলাধ বসুমতাৰী, মণিৰাম ফুকন, ৰমেন ফুকন, মহেশ্বৰ ফুকন আৰু জোন বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে।

ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে কথা পাতিছিল।

শ্বাহে জনাইছিল যে উদ্ধাৰ অভিযান পূৰ্ণ গতিত চলি আছে। "এন ডি আৰ এফৰ এটা দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত যোগদান কৰিছে। আৰু ২টা দল টুপুললৈ গৈ আছে," তেওঁ কয়।

মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে ভূমিস্খলনৰ পৰিস্থিতি মূল্যাঙ্কন কৰিবলৈ এখন জৰুৰী বৈঠক আহ্বান কৰিছে আৰু তেওঁ কৰ্তৃপক্ষক উদ্ধাৰ অভিযান ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে।