শীৰ্ষ বাতৰি

দিবাং জলবিদ্যুত প্ৰকল্প প্ৰত্যাহাৰৰ দাবী খিলঞ্জীয়া অধিবক্তা সন্থাৰ

Sentinel Digital Desk

দিবাং জলবিদ্যুত প্ৰকল্প প্ৰত্যাহাৰৰ দাবী খিলঞ্জীয়া অধিবক্তা সন্থাৰ

কেন্দ্ৰৰ দ্বাৰা অৰুণাচল প্ৰদেশৰ দিবাং উপত্যকাত স্থাপন কৰিবলৈ লোৱা বৃহত্ জলবিদ্যুত প্ৰকল্পৰ বিৰুদ্ধে সৰব হৈ উঠিছে ইণ্ডিজেনাছ লয়াৰ্ছ এছোচিয়েচন অৱ ইণ্ডিয়া শীৰ্ষক খিলঞ্জীয়া অধিবক্তা সন্থাটো। আজি পাঁচ জুনৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনাই অধিবক্তা সন্থাটোৱে এই জলবিদ্যুত প্ৰকল্প নিৰ্মাণৰ আঁচনি প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰে। উল্লেখ্য যে এটালিন হাইড্ৰো-ইলেক্ট্ৰিক পাৱাৰ কম্পেনী নামৰ এটা কম্পেনীয়ে স্থাপন কৰিবলৈ লোৱা এই জলবিদ্যুত প্ৰকল্পৰ জৰিয়তে ৩,০৯৭ মেগাৱাট বিদ্যুত উত্পাদনৰ লক্ষ্য লোৱা হৈছে। এই জলবিদ্যুত প্ৰকল্প স্থাপনৰ বাবে দুই লাখৰো অধিক গছ কাটি পেলাবলগীয়া হব। ইয়াৰ ফলত অৰুণাচল প্ৰদেশেই নহয়, অসমকে ধৰি সমগ্ৰ উত্তৰ-পূবৰ জলবায়ুত বিৰূপ প্ৰভাৱ পৰাৰ আশংকা কৰি উক্ত অধিবক্তা সন্থাই এই প্ৰকল্প নিৰ্মাণৰ আঁচনি প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰিছে। এই অধিবক্তা সন্থাটোৰ সমন্বয়ক দিলীপ চাকমাই কয় যে এই প্ৰকল্প স্থাপন হলে ১১৫০.০৮হেক্টৰ ভূমিৰো ক্ষতিসাধন হব। বনৰীয়া জীৱ-জন্তুৰ অৱৰ্ণনীয় ক্ষতিসাধনৰ আশংকা আছে। কেৱল সেয়াই নহয়, বৃহত্তৰ অঞ্চলটোৰ খিলঞ্জীয়া লোকসকলৰ বিশেষকৈ ইদু জনজাতিৰ কৃষ্টি-সংস্কৃতি সম্পূৰ্ণৰূপে ধ্বংস হব বুলিও সন্থাৰ সমন্বয়ক চাকমাই আশংকা কৰে। তেওঁ কয় যে দিবাং উপত্যকা বন্যপ্ৰাণী অভয়াৰণ্য বাঘৰ আবাসস্থল। এই জলবিদ্যুত প্ৰকল্প স্থাপন হলে এই বন্যপ্ৰাণী অভয়াৰণ্যৰ ক্ষতিসাধন হোৱাৰ আশংকা আছে। উল্লেখ্য যে এই অভয়াৰণ্যত প্ৰায় ৬৮০বিধ প্ৰজাতিৰ পক্ষীও আছে। এয়া হৈছে সমগ্ৰ দেশত পোৱা মুঠ পক্ষীৰ ৫৫ শতাংশ। লক্ষ্যণীয় কথাটো হৈছে যে এই অভয়াৰণ্যত পোৱা ৬৮০ পক্ষী প্ৰজাতিৰ ১৯ বিধ হৈছে বিপন্ন প্ৰজাতিৰ পক্ষী। গতিকে এনে অৱস্থাত প্ৰকল্পটো নিৰ্মাণৰ আঁচনি প্ৰত্যাহাৰ কৰিবলৈ উক্ত অধিবক্তা সন্থাই দাবী জনাইছে।